দিল্লী সম্পন্ন হ'ল বহু প্ৰতীক্ষিত আলফা-চৰকাৰৰ শান্তি চুক্তি



গুৱাহাটী,২৯ ডিচেম্বৰঃ প্ৰায় ১২ বছৰ ধৰি চলা আলোচনাৰ অন্তত আজি দিল্লীত স্বাক্ষৰিত হ'ল কেন্দ্ৰীয়, ৰাজ্য আৰু আলফাৰ মাজৰ ত্ৰিপাক্ষিক শান্তি চুক্তি। এই চুক্তি স্বাক্ষৰৰ সময়ত উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আলফাৰ ৮জন প্ৰতিনিধি, ১৪ টা জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিৰ লগতে অন্য বিষয়-ববীয়া। শান্তি চুক্তিত স্বাক্ষৰ কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে আলফাৰ সমূহ প্ৰতিনিধিৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ জনায়। শ্বাহে কয় যে, আজি মোৰ বাবে গুৰুত্বপূৰ্ণ দিন। আজি অসমৰ ভৱিষ্যতৰ বাবে সোণালী দিন। বহু বছৰ ধৰি অসম তথা উত্তৰ-পূৱৰ লোকে হিংসাৰ বলি হৈ আহিছে। কিন্তু যেতিয়াৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ক্ষমতালৈ আহিছে তেতিয়াৰ পৰা উত্তৰ-পূৱৰ লগত দিল্লীৰ দূৰত্ব কম কৰাৰ চেষ্টা চলাই থকা হৈছে। সকলোৰে লগত মুকলিকৈ কথা পতা হৈছে। প্ৰধানমন্ত্ৰীৰ মাগদৰ্শনতেই উত্তৰ-পূৱক সন্ত্ৰাসবাদমুক্ত, হিংসা মুক্ত কৰাৰ পৰিকল্পনা আগত লৈ গৃহ মন্ত্ৰালয়ে কাম কৰি গৈছে। যোৱা ৫ টা বৰ্ষত উত্তৰ-পূৱত ৯ খনকৈ শান্তি আৰু সীমা সম্বন্ধীয় চুক্তি স্বাক্ষৰিত হৈছে। যাৰ বাবে উত্তৰ-পূৱত শান্তি স্থাপন হৈছে।আলফা-চৰকাৰৰ মাজত হোৱা শান্তি চুক্তি গুৰুত্বপূৰ্ণ। আলফাই সকলো অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ লগতে আত্মসমৰ্পন কৰি, সশস্ত্ৰ সংগঠন ভংগ কৰি আৰু সকলো শিবিৰ খালী কৰি গণতান্ত্ৰিক প্ৰক্ৰিয়াত চামিল হোৱাৰ সিদ্ধান্ত লৈছে। ভাৰতৰ একতা আৰু অখণ্ডতা সন্দৰ্ভত তেওঁলোকে যি সহমতি প্ৰদান কৰিছে সেয়া আনন্দৰ বিষয়। আলফাৰ সংঘৰ্ষৰ কথা উল্লেখ কৰি শ্বাহে কয় যে আলফাৰ দীঘলীয়া সংঘৰ্ষত এতিয়ালৈকে প্ৰায় ১০,০০০ লোকৰ মৃত্যু হৈছে। এই সকলো আমাৰ দেশৰেই নাগৰিক। আজি সেই সকলো সমস্যাৰ সমাধান হ'ল। আলফাৰ প্ৰতিনিধিসকলৰ সৈতে কথা পাতি অসমৰ বাবে বৃহৎ আৰ্থিক পেকেজৰ ব্যৱস্থা কৰা হৈছে। লগতে অসমৰ বিকাশৰ বাবে বহু প্ৰকল্পত স্বীকৃতি দিয়া হৈছে। আমি বিশ্বাস দিব খোজো সেই চুক্তিত থকা প্ৰতিটো কমা, দাড়ি, দফা কাৰ্যকৰী কৰা হ'ব। লগতে তেওঁ কয় যে আলফাৰ সকলো প্ৰতিনিধিক বিশ্বাস দিব খোজো যে তেওঁলোকে দাবী কৰাৰ পূৰ্বে সকলো দফা কাৰ্যকৰী কৰা হ'ব। আৰু ইয়াৰ বাবে কমিটি গঠন কৰাও হ'ব। এই শান্তি চুক্তি প্ৰক্ৰিয়াৰ বাবে শ্বাহে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আলফাৰ প্ৰতিগৰাকী প্ৰতিনিধিক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখ্য যে এই শান্তি চুক্তিয়ে অসম সন্দৰ্ভত কেইবাটাও বিষয় সামৰি ল'ব। খিলঞ্জীয়াৰ সুৰক্ষা, ৰাজনৈতিক, ভূমি, এন আৰ চি, নিয়োগ দি বিভিন্ন দিশো সামৰি ল'ব এই চুক্তিয়ে।


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment