গুৱাহাটী চেন্ট্ৰেল সমষ্টিত নতুন ৰেচন কাৰ্ড বিতৰণৰ শুভাৰম্ভ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ



গুৱাহাটী,২৪ জানুৱাৰীঃ কামৰূপ মহানগৰ জিলাত নতুন ৰেচন কাৰ্ড বিতৰণৰ প্ৰক্ৰিয়া অব্যাহত আছে। আজি গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি আই টি এ কেন্দ্ৰত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত আয়োজিত এখন সভাত গুৱাহাটী চেন্ট্ৰেল বিধানসভা সমষ্টিৰ বাছনিভুক্ত হিতাধিকাৰী সকলক নতুন ৰেচন কাৰ্ড বিতৰণৰ শুভাৰম্ভ কৰা হয়। সমষ্টিটোৰ মুঠ ২৩,১৫০ গৰাকী হিতাধিকাৰীক ৭৫২১ খন ৰেচন কাৰ্ড দিয়া হ'ব। আজি পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, জিলা আয়ুক্ত সুমিত ছাত্তাৱান, খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ আয়ুক্ত আনন্দ কুমাৰ দাস,  বিভাগটোৰ কামৰূপ মহানগৰ জিলাৰ উপ সঞ্চালক বিপুল তালুকদাৰ  প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত মন্ত্ৰী পাটোৱাৰীয়ে পাঁচগৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে ৰেচন কাৰ্ড প্ৰদান কৰে৷ বাকী হিতাধিকাৰীসকলক গুৱাহাটী পৌৰ নিগমৰ ক্ষেত্ৰত স্থানীয় পাৰিষদ আৰু গাঁও পঞ্চায়তৰ ক্ষেত্ৰত পঞ্চায়ত সচিবে ৰেচন কাৰ্ডসমূহ বিতৰণ কৰিব৷ উল্লেখ্য যে ১৬ জানুৱাৰীত জালুকবাৰী সমষ্টিৰ ২২,৯৯৫ গৰাকী হিতাধিকাৰীক ৭৩৫০ খন ৰেচন কাৰ্ড বিতৰণৰ শুভাৰম্ভ কৰিছিল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ১৯ জানুৱাৰীত দিছপুৰ বিধানসভা সমষ্টিৰ হিতাধিকাৰীক ৰেচন কাৰ্ড প্ৰদান কৰা হয়। কাইলৈ নিউ গুৱাহাটী আৰু ডিমৰীয়া বিধানসভা সমষ্টিৰ নতুন হিতাধিকাৰীক আনুষ্ঠানিকভাৱে ৰেচন কাৰ্ড বিতৰণ কৰা হ'ব।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment