কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক



গুৱাহাটী,২৪ জানুৱাৰীঃ কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উন্নয়ণ আয়ুক্ত পাৰিজাত ভূঞাৰ অধ্যক্ষতাত অনুষ্ঠিত হয়৷ বৈঠকত ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাস, মহানগৰ আৰক্ষীৰ যানবাহন শাখাৰ উপ আয়ুক্ত জয়ন্ত সাৰথি বৰা, কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ সদস্য-সচিব হেমন্ত দেউৰী ভৰালী, জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাস, আঞ্চলিক জিলা পৰিবহণ প্ৰাধিকাৰী তামচিন আফতাবকে ধৰি স্বাস্থ্য, শিক্ষা, আৰক্ষী, আবকাৰী লোক নিৰ্মাণ আদি পথ-সুৰক্ষাৰ লগত জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগসমূহৰ বিষয়াসকল উপস্থিত থাকে। বৈঠকত আগন্তুক দিনত জিলাখনত পথ দুৰ্ঘটনা ৰোধ, দুৰ্ঘটনাপ্ৰৱন অঞ্চলত বিভিন্ন বিভাগসমূহে গ্ৰহণ কৰিবলগীয়া কাৰ্যব্যৱস্থা, পথ দুৰ্ঘটনাগ্ৰস্তই জীৱন বীমাৰ পৰা পাবলগীয়া ক্ষতিপূৰণ আদায় সন্দৰ্ভত চিকিৎসা প্ৰতিষ্ঠান, আৰক্ষী আদি বিভাগ সমূহে গ্ৰহণ কৰিবলগীয়া খৰটকীয়া ব্যৱস্থাকে ধৰি যোৱা ১৫ জানুৱাৰীৰ পৰা আগন্তুক ১৪ ফেব্ৰুৱাৰীলৈকে উদযাপিত ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহৰ ব্যতিক্ৰমী কাৰ্যসূচীৰ জড়িয়তে পথ সুৰক্ষা সজাগতাৰ ক্ষেত্ৰত ব্যাপক জনসচেতনতা সৃষ্টি আদি বিষয়ত বিস্তৃতভাৱে আলোচনা কৰা হয়৷

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment