কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগত ডিফু ক্লাবত বহুভাষিক কবি সন্মিলনৰ সামৰণি


হাওৰাঘাট,২৫ জানুৱাৰীঃ কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগত ডিফু ক্লাবত বৃহস্পতিবাৰে ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি সুদীৰ্ঘ বছৰৰ পিছত অনুষ্ঠিত কৰা বহুভাষিক কবি সন্মিলনৰ সামৰণি পৰিছে । বিশিষ্ট লেখক তথা কবি শৰৎ পাটৰ আৰু বিশিষ্টা কবি স্বৰ্ণালী গগৈয়ে যুটীয়া ভাৱে আঁত ধৰা বহুভাষিক কবি সন্মিলন উদ্বোধন কৰে বালিমাহি খ্যাত কবি তথা পদ্মশ্ৰী ধনেশ্বৰ ই‍ংতিয়ে । অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰে কাৰ্বি আংলং জিলা আয়ুক্ত মধুমিতা ভাগৱতীয়ে । বহুভাষিক কবি সন্মিলনখনত কাৰ্বি আংলং জিলাখনৰ হাওৰাঘাট, বকলীয়াঘাট, লাংহিন , ডিফু আদিৰ পৰা অহা ৪০ গৰাকী নবীন প্ৰবীণ বিশিষ্ট কবিয়ে কবিতা পাঠ কৰে । ডিফু ক্লাবত অনুষ্ঠিত বহুভাষিক কবি সন্মিলনত অসমীয়া,বড়ো, কাৰ্বি,তিৱা,ডিমাচা, নেপালী, বাঙালী আদি নিজ নিজ ভাষাত কবিসকলে কবিতা পাঠ কৰে । কবিতা পাঠ কৰা সকলৰ ভিতৰত উল্লেখযোগ্য বিশিষ্ট কবি সকল হৈছে ক্ৰমে ছাৰ এৎ হাঞ্চে, খগেন ইংতি, গোপাল থাউচেন, শৰৎ পাটৰ, থানেশ্বৰ গয়াৰী, মিল'জা বসুমতাৰী, দদেৰে মাইনাও বড়ো, হাৰ্ভে কাথাৰ, ৰূপালী বসুমতাৰী, মঞ্জু টেৰণপী, ড° কাদম্বিনী তেৰাংপী, ড° মনালিছা টেৰণপী, মণিকা টেৰণপী, গীতা হাঞ্চেপী, বিদ্যাৰাম ছিংনাৰ, প্ৰজ্ঞা পাৰমিতা বৰুৱা, দীপালী আমফি, ৰশ্মিৰিয়া গগৈ, জয়ছিং টকবি, বিদুল বৰুৱা, ভৱপ্ৰসাদ দেউৰী, ধৰ্মেন্দ্ৰ খাখলাৰী, মেৰী লাহন, ইৰাজ কুমাৰ শইকীয়া, কৰবি ডেকা ফুকন, গীতা বৰা আদি।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment