অসমত উদ্যোগীকৰণৰ ক্ষেত্ৰত এক বৃহৎ জাগৰণৰ সৃষ্টি হৈছে : মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা




গুৱাহাটী,২৭ জানুৱাৰীঃ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি অসম দক্ষতা বিকাশ অভিযানৰ সহযোগত শেহতীয়াকৈ অনুষ্ঠিত হোৱা টাটা নিযুক্তি অভিযানত নিৰ্বাচিত মহিলা প্ৰাৰ্থীৰ সৈতে এক অন্তৰংগ আলাপত অংশ গ্ৰহণ কৰে। অনুষ্ঠানত উপস্থিতসকলক উদ্দেশ্য কৰি মন্ত্ৰী বৰুৱাই উল্লেখ কৰে যে অসম চৰকাৰৰ সহযোগত মহিলাসকল আর্থিকভাৱে আত্মনিৰ্ভৰ হোৱাৰ ক্ষেত্ৰত টাটা ইলেক্ট্রনিক্সয়ে অনুষ্ঠিত কৰা বাছনি প্রক্রিয়াত নির্বাচিত হোৱা প্ৰায় ১৮০০ গৰাকী মহিলা প্ৰাৰ্থীক বেংগালুৰুত প্ৰতিষ্ঠিত টাটা ইলেক্ট্রনিক্সত পঠোৱাৰ ব্যৱস্থা কৰা হৈছে। অসমত ইমান ব্যাপক নিযুক্তি অভিযান আগতে কেতিয়াও হোৱা নাছিল আৰু ইয়াৰ যোগেদি আমাৰ যোগ্য প্ৰাৰ্থীয়ে টাটাৰ দৰে এনে সুনামধন্য উদ্যোগত  উন্নত পৰ্যায়ৰ কাম শিকিবলৈ এক বৃহৎ সুযোগ পাব। তেওঁ লগতে কয় যে ইতিমধ্যে বিভাগৰ ফালৰ পৰা বিভাগীয় বিষয়া পঠিয়াই মহিলা সকলৰ কৰ্মক্ষেত্ৰৰ পৰিৱেশ আৰু থকা-খোৱা ব্যৱস্থাৰ বুজ লোৱা হৈছে আৰু প্ৰাৰ্থীসকলে তাত যাতে কোনোধৰণৰ অসুবিধা নাপায় তাৰ বাবে সু-নিশ্চিত কৰা হৈছে। তেওঁলোকক বিমানেৰে পঠোৱাৰ ব্যৱস্থা কৰাৰ আৰু ইতিমধ্যে ৫টা দল বেংগালুৰুলৈ ৰাওনা হৈছে। নৱনিযুক্ত এই মহিলা প্ৰাৰ্থী সকলক সম্বোধন কৰি মন্ত্ৰী বৰুৱাই তেওঁলোকক বেংগালুৰুত গৈ ভালকৈ কাম কৰি যাবলৈ কোৱাৰ লগতে  আজৰি সময়ত অনলাইন পাঠ্যক্ৰমৰ যোগেদি কেৰিয়াৰ গঠনৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰে, যাতে তেওঁলোকে ভৱিষ্যতে পৰিৱৰ্তনশীল কর্মক্ষেত্ৰত নিজকে নিয়োজিত কৰিব পাৰে। যিসকলে তাত ভাল কাম কৰিব তেওঁলোকৰ পদোন্নতিৰ লগতে অতি সোনকালে অসমত স্থাপিত হ'বলগীয়া টাটা ইলেক্ট্রনিক্সৰ উদ্যোগত তেওঁলোকক নিয়োগৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়াৰ বাট মুকলি হব বুলি মন্ত্ৰী বৰুৱাই উল্লেখ কৰে। অসমত উদ্যোগীকৰণৰ ক্ষেত্ৰত এক বৃহৎ জাগৰণৰ সৃষ্টি হোৱা বুলি প্ৰকাশ কৰি মন্ত্ৰী বৰুৱাই কয় যে মাত্ৰ যোৱা ২.৫ বছৰত ৰাজ্যখনত শান্তি ঘূৰি অহাৰ লগে লগে প্ৰায় ১৫০০০ কোটি বিনিয়োগ  হৈছে। তেওঁ উল্লেখ কৰে যে চৰকাৰে ইতিমধ্যে টাটা টেকন’লজিছৰ সৈতে সহযোগিতা কৰি উদ্যোগ ৪.০ত ৰাজ্যৰ আই টি আইসমূহৰ পুনৰুজ্জীৱিতকৰণৰ কাম হাতত লৈছে। ইয়াৰ লগতে ৰবটিক্স, ড্ৰোন প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা ইত্যাদিৰ প্ৰয়োজনীয়তাৰ ওপৰত লক্ষ্য ৰাখি বিভিন্ন নতুন পদক্ষেপ হাতত লোৱা হৈছে। উল্লেখযোগ্য যে, আজিৰ এই অনুষ্ঠানত মন্ত্ৰী বৰুৱাই ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা অহা নিৰ্বাচিত প্ৰাৰ্থীসকলৰ সৈতে এজন এজনকৈ ব্যক্তিগত ভাৱেও মত বিনিময় কৰে। আজিৰ এই অনুষ্ঠানত অসম চৰকাৰৰ প্ৰধান সচিব (চীড), বি কল্যাণ চক্রৱর্তী আৰু এম ডি, অসম দক্ষতা বিকাশ অভিযান, মচান্দা পাৰ্টিন উপস্থিত থাকে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment