কামৰূপ মহানগৰ জিলাৰ পাঁচ সমষ্টিত ৰেচন কাৰ্ড বিতৰণ সম্পন্ন



গুৱাহাটী,২৫ জানুৱাৰীঃ কামৰূপ মহানগৰ জিলাত  নতুন ৰেচন কাৰ্ড বিতৰণ প্ৰক্ৰিয়াৰ আজি অন্ত পৰে। জিলাখনৰ পুনৰনিৰ্ধাৰিত পাঁচটা বিধানসভা সমষ্টি এলেকাত আয়োজিত একোখনকৈ ৰাজহুৱা সভাত ১,০৮,৬৬১ গৰাকী হিতাধিকাৰীক ৩৪,৫১৭ খন ৰেচন কাৰ্ড বিতৰণৰ শুভাৰম্ভ কৰা হয়৷ আজি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অজন্তা নেওগে উলুবাৰীৰ ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পত থকা তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামত আয়োজিত এখন সভাত নিউ গুৱাহাটী বিধানসভা সমষ্টিৰ হিতাধিকাৰীসকলক ৰেচন কাৰ্ড বিতৰণৰ শুভাৰম্ভ কৰে৷ সমষ্টিটোৰ মুঠ ২০,১৯৬ গৰাকী হিতাধিকাৰীক ৬৮১৪ খন ৰেচন কাৰ্ড দিয়া হ'ব৷ আজি বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত মন্ত্ৰীগৰাকীয়ে পাঁচগৰাকী ব্যক্তিক আনুষ্ঠানিকভাৱে কাৰ্ডসমূহ বিতৰণ কৰে৷ বিয়লি সোণাপুৰৰ ডিমৰীয়া উন্নয়ণ খণ্ডৰ সভাগৃহত আয়োজিত এখন সভাত মন্ত্ৰী অজন্তা নেওগে বিধায়ক অতুল বৰা, জিলা আয়ুক্ত সুমিত ছাত্তাৱান প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত ডিমৰীয়া সমষ্টিৰ ২৩,২২০ গৰাকী হিতাধিকাৰীক ৬৮৮৩খন ৰেচন কাৰ্ড বিতৰণৰ শুভাৰম্ভ কৰে৷ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কামৰূপ মহানগৰ জিলাৰ উপ সঞ্চালক বিপুল তালুকদাৰে সদৰি কৰা মতে সভাত আনুষ্ঠানিকভাৱে ৰেচন কাৰ্ড লাভ কৰা হিতাধিকাৰীসকলৰ বাহিৰে বাকীসকল হিতাধিকাৰীক সংশ্লিষ্ট এলেকাৰ গাঁও পঞ্চায়ত সচিব বা পৌৰ নিগমৰ পাৰিষদে ৰেচন কাৰ্ড সমূহ বিতৰণ কৰিব৷ ৰেচন কাৰ্ড লাভ কৰা লোকে অহা ৩১ জানুৱাৰীৰ ভিতৰত চলিত মাহৰ চাউল সংগ্ৰহ কৰিব পাৰিব৷ উল্লেখ্য যে যোৱা ১৬ জানুৱাৰীত জালুকবাৰী সমষ্টিৰ ২২,৯৯৫ গৰাকী হিতাধিকাৰীক ৭৩৫০ খন ৰেচন কাৰ্ড বিতৰণৰ শুভাৰম্ভ কৰিছিল  মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ ১৯ জানুৱাৰীত দিছপুৰ বিধানসভা সমষ্টিৰ আৰু ২৪ জানুৱাৰীত গুৱাহাটী চেন্ট্ৰেল সমষ্টিৰ হিতাধিকাৰীক ৰেচন কাৰ্ড প্ৰদান কৰা হয়।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment