বগীবিল কাৰেং চাপৰিত মিচিং যুৱ মহোৎসৱৰ বিশাল আয়োজন


লখিমপুৰ,২৫ জানুৱাৰীঃ মিচিং জাতীয় কৃষ্টি সংস্কৃতি জীয়াই ৰখাৰ লগতে নিজৰ কৃষ্টি সংস্কৃতিক নতুন প্ৰজন্মৰ মাজত চিনাকি কৰা আৰু হেৰাই যাব ধৰা কৃষ্টি সংস্কৃতি উদ্ধাৰৰ  মহান লক্ষ্যৰে সদৌ মিচিং ছাত্র সন্থাৰ (টি এম পি কে ) উদ্যোগত নৱম সংখ্যক মিচিং যুৱ মহোৎসৱ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ধেমাজি জিলাৰ বগীবিল কাৰেং চাপৰিত উদযাপন কৰা হ'ব। আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱত আয়োজিত এখন সংবাদ মেলত এই কথা সদৰি কৰে সদৌ অসম মিচিং ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে। সংবাদমেল সম্বোধন কৰে সদৌ অসম মিচিং ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক চান পাংগিং, এম এম কেৰ যুটীয়া সম্পাদক দিলীপ পেগু, টি এম পি কেৰ প্ৰচাৰ সম্পাদক বিজু পেগু আৰু কেন্দ্ৰীয় সমিতিৰ সদস্য ৰবীন দলেই। তেওঁলোকে কয় যে ১ ফেব্ৰুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ চাৰিদিনীয়াকৈ আয়োজন কৰা হৈছে এই মিচিং যুৱ মহোৎসৱ। নৱম সংখ্যক এই মহোৎসৱত সৰ্বমুঠ ২৪ টা ইভেণ্টত প্ৰতিযোগিতা সমূহ অনুষ্ঠিত হ'ব আৰু এই যুৱ মহোৎসৱৰ বাবে ৩ কোটি টকাৰ বাজেট ধাৰ্য কৰা হৈছে। বিশেষকৈ মিচিং সমাজৰ পৰা হেৰাই যোৱা লোক কৃষ্টি -সংস্কৃতি উদ্ধাৰৰ প্ৰচেষ্টাৰেই ১৯৯৬ চনৰ পৰাই টি এম পি কেই অসমৰ বিভিন্ন মিচিং জনগোষ্ঠীৰ বসতিপ্ৰধান এলেকাত মিচিং যুৱ মহোৎসৱ আয়োজন কৰি আহিছে যদিও এই বছৰৰ পৰা ধেমাজি জিলাৰ বগীবিল কাৰেং চাপৰিৰ স্থায়ী মঞ্চত মিচিং যুৱ মহোৎসৱ অনুষ্ঠিত হ'ব বুলি সংবাদ মেলত উল্লেখ কৰে। এইবাৰৰ যুৱ মহোৎসৱত অসমৰ ১০ হেজাৰ ছাত্ৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰি বিভিন্ন প্ৰতিযোগিতাত ভাগ ল'ব বুলি তেওঁলোকে জানিবলৈ দিয়ে। মহোৎসৱত লোকগীত, কৃষ্টি সংস্কৃতিৰ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ উপৰিও বিভিন্ন আলোচনাচক্ৰ, কৃষি মেলা, খাদ্য মেলা, গ্ৰন্থ মেলা, আদি অনুষ্ঠিত হ'ব। মহোৎসৱৰ তৃতীয় দিনা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী  ডঃ ৰনোজ পেগুকে ধৰি ভালেসংখ্যক বিশিষ্ট অতিথিয়ে অংশ গ্ৰহণ কৰিব। মহোৎসৱৰ উপলক্ষে আজি "সঞ্জীৱ দলেৰ কথা, সুৰ, পৰিকল্পনা, প্ৰযোজনাত প্ৰকাশিত "song of mising" নামৰ এখনি দৃশ্যশব্য মুকলি কৰা হয়।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment