ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱৰ সামৰণি


লখিমপুৰ,২৫ জানুৱাৰীঃ প্রৱল উৎসাহ -উদ্দীপনাৰে আজি চতুর্থ তথা অন্তিম দিনাও ডিব্রুগড় বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱস্থলী হৈ পৰিল উখল মাখল। উজ্বলি উঠিল ভূপেন হাজৰিকা সমন্বয় ক্ষেত্র। লখিমপুৰৰ এল টি কে মহাবিদ্যালয়ৰ বাকৰিত আজি যুব মহোৎসৱৰ অতি আকর্ষণীয় সাংস্কৃতিক শোভাযাত্রাৰ প্ৰতিযোগিতা এক বর্ণিল পৰিবেশত উলিওৱা হয়। মুঠ পঞ্চাশখন মহাবিদ্যালয়ৰ দলে বর্ণাঢ্য ৰূপত উলিওৱা সাংস্কৃতিক শোভাযাত্রাই ৰাইজক আপ্লুত কৰি তোলে। সাংস্কৃতিক শোভাযাত্রাত অসম সত্রীয়া সংগীত বিদ্যালয়ে প্রাচীন লোক অনুষ্ঠান 'কুশান'ৰ আধাৰত 'ৰাম কথা' পৰিবেশন কৰে। বাহনা মহাবিদ্যালয়ে অসমীয়া বাৰ মাহত বাৰে ৰহণীয়া উৎসৱ বিষয়ত, খোৱাং  মহাবিদ্যালয়ে অসমৰ ভৌগোলিক স্বীকৃতিপ্রাপ্ত সামগ্ৰীসমূহৰ ব্যবহাৰ আৰু প্রস্তুতিকৰণ, মৰিধল  মহাবিদ্যালয়ে 'মাছলৈ যাওঁ', মৰাণ মহাবিদ্যালয়ে 'অসমীয়া পৰম্পৰাগত শিশুৰ খেল ধেমালি', জে.ডি.এচ.জি. মহাবিদ্যালয়ে 'অ' আমাৰ গাঁও', লাহোৱাল মহাবিদ্যালয়ে 'জীবন নির্বাহৰ  এটি ক্ষুদ্র উপায়', শিবসাগৰ  ছোৱালী মহাবিদ্যালয়ে 'অসমৰ থলুৱা সম্পদ', দেবীচৰণ বৰুৱা  ছাত্রী মহাবিদ্যালয়ে 'বুঢ়ী আই সাধু এটা ক', দুলীয়াজান মহাবিদ্যালয়ে 'অসমৰ সোণোৱাল কছাৰী সংস্কৃতি', তিনিচুকীয়া মহাবিদ্যালয়ে 'সোণোৱাল কছাৰী লোক সংস্কৃতি', ধেমাজি বাণিজ্য মহাবিদ্যালয়ে 'গোমৰাগ নৃত্য', পদ্মনাথ গোহাঞিবৰুৱা  চৰকাৰী আদর্শ মহাবিদ্যালয়, কাকপথাৰে 'ৰাতি বিহু', নাজিৰা মহাবিদ্যালয়ে 'বেজবৰুৱাৰ সাধুকথা আধাৰিত বিচিত্র সমাজ', দিখৌমুখ মহাবিদ্যালয়ে 'অসমীয়া সমাজত বাঁহৰ ব্যৱহাৰ', মাজুলী মহাবিদ্যালয়ে 'মিচিং জনগোষ্ঠীৰ উৎসৱ-পার্বন', হেমপ্রভা বৰবৰা  ছোৱালী মহাবিদ্যালয়ে 'পিছলৈ ভূমুকিয়াই চাও', ডিগবৈ মহাবিদ্যালয়ে 'জ্যোতিৰ জ্যোতি', ডি.ডি.আৰ. কলেজে 'পৰিবর্তিত পৰিস্থিতিত শিক্ষা ব্যৱস্থা' আদি বিষয়ত শৈল্পিক দৃষ্টিকোণেৰে  অথবা মৃন্ময় প্রতীক সদৃশেৰে শোভাযাত্রাত মূর্তি আৰু মানৱ তথা সম্পদৰ ব্যবহাৰেৰে দৃশ্যপটসমূহ সজাই তোলে। আজিৰ বর্ণিল শোভাযাত্রাই স্থানীয় ৰাইজৰ বিপুল সমাদৰ লাভ কৰে। ইয়াৰ পিছত আজি যুৱ মহোৎসৱৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। বিয়লি প্রায় দুই বজাত অনুষ্ঠিত এই সভা সঞ্চালনা কৰে  অভ্যর্থনা সমিতিৰ সভাপতি ডঃঅমিয়া ৰাজবংশীয়ে। সভাত ডিব্ৰুগড়  বিশ্ববিদ্যালয়ৰ পর্যবেক্ষক জিতুৰঞ্জন চেতিয়াই অংশগ্রহণ কৰি এইবাৰৰ সুন্দৰ পৰিবেশত সফলভারে এল.টি.কে. মহাবিদ্যালয়ত যুব মহোৎসব অনুষ্ঠিত হ'ল বুলি মন্তব্য কৰে । সভাত ডিব্রুগড় বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয়সমূহৰ পৰিদর্শক ৰূপম শইকীয়াই কয় -কম সম্পদৰ সৰ্বাধিক ব্যৱহাৰেৰে যুৱ মহোৎসৱ সাফল্যমণ্ডিত কৰাতো প্রত্যাহবানমূলক। ইয়াক অতিক্রম কৰি দেখুৱালে এল.টি.কে. মহাবিদ্যালয়ে। যুৱ মহোৎসৱত উৰ্বৰ মস্তিস্কৰ বিকাশ ঘটিলেই সুস্থ চেতনাৰে জাতীয় জীবন সমৃদ্ধ হয় বুলি মন্তব্য কৰে । সভাত ডিগবৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দীপ শইকীয়াই যুৱ মহোৎসৱ ভাতৃত্ববোধৰ মঞ্চ আৰু এই মঞ্চই নতুন দিগন্তৰ সূচনা কৰি  বিশ্ব জিনিব বুলি উল্লেখ কৰে। আজিৰ সভাতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচার্যৰ বাণী পাঠ কৰে ডঃ ভাস্কবজিৎ বৰাই। সভাত সদৌ অসম ছাত্র সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই  কয় -আজিকালি চৰকাৰ বিৰোধী বুলি সদৌ অসম ছাত্র সন্থাক  বহু মহাবিদ্যালয়ে নিমন্ত্রণ কৰিবলৈ ভয় কৰে । তাব পৰিবর্তে এল.টি.কে. মহাবিদ্যালয়ে আমাক নিমন্ত্রণ কৰি সাহসৰ পৰিচয় দিছে। ডিব্রুগড় বিশ্ববিদ্যালয়ৰ যুৱ  মহোৎসৱক লৈ আমাৰ আবেগ আছে, অনুভুতি আছে। যুব মহোৎসৱত পুৰস্কাৰ নোপোৱাসকল ভাগি পৰিব নালাগে। কাৰণ প্রতিযোগিতাত নোপোৱাসকল থকা বাবেহে একাংশই পুৰস্কাৰ  পাবলৈ সক্ষম হয়। ভাষণত তেওঁ অসমৰ মাতৃভাষা জীয়াই ৰাখিবলৈ সকলোকে আহবান জনায়। আজিৰ সভাত শিক্ষাবিদ ডঃমুকুন্দ বাজবংশীয়ে অংশগ্রহণ কৰি ছাত্র-ছাত্রীৰ উপযোগী এক সাৰুৱা ভাষণ প্রদান কৰে। মহাবিদ্যালয়ৰ তৰফৰ পৰা অধ্যক্ষ ড° বুবুল কুমাৰ শইকীয়া, শিক্ষকবৃন্দৰ তৰফৰ পৰা দিগন্ত কুমাৰ শইকীয়া, তত্ত্বাবধায়কৰ ফালৰ পৰা চিলাপথাৰ মহাবিদ্যালয়ৰ শ্রীময়ী ফুকন, ছাত্ৰ  প্রতিনিধিৰ  পৰা  শৰৎ শইকীয়া আদিয়ে বক্তব্য বাখে। সভাতে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ বাবুল গগৈ, ডঃ' লক্ষ্যজিৎ বুঢ়াগোহাঁই, ৰঞ্জন বৰা , জিতু ভৰালী আৰু ভৱজ্যোতি চেতিয়া, সুবোধ বৰাক সম্বর্ধনা জ্ঞাপন কৰা  হয়। সঞ্চালকৰ আসনৰ পবা ড° অমিয়া বাজবংশীয়ে এই মহোৎসৱৰ পৰা সংস্কৃতিৰ সুবাস থাকি যাব, বৌদ্ধিক সুবাস থাকি যাব, সমন্বয়ৰ সুবাস বিয়পি পৰিব বুলি মন্তব্য কৰে। সভাত যুৱ  মহোৎসৱ সফল কৰি তোলাত অৰিহণা আগবঢ়োৱা প্রতিজনলৈ কৃতজ্ঞতাৰ শৰাই  আগবঢ়ায় ডঃ' ভাস্কৰজিৎ বৰাই। ইয়াৰ পিছতে বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। এই সভাৰ আঁত ধৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পর্যবেক্ষক জিতুৰঞ্জন চেতিয়া আৰু বিষয়া দ্বীপজ্যোতি গগৈয়ে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment