বিহপুৰীয়া আৰু ৰঙানদী বিধানসভা সমষ্টিত নতুন ৰেচন কাৰ্ড বিতৰণ মন্ত্ৰী অতুল বৰাৰ


লখিমপুৰ,২৫ জানুৱাৰীঃ অসম চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু লখিমপুৰ জিলা প্ৰশাসনৰ ব্যৱস্থাপনাত ৭৩নং বিহপুৰীয়া বিধানসভা সমষ্টিৰ বৰখামতী খেলপথাৰ, পানবাৰী  আৰু ৭৪ নং ৰঙানদী সমষ্টিৰ ড°ভূপেন হাজৰিকা ৰংগমঞ্চত আজি কৃষি মন্ত্ৰী তথা লক্ষীমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন, ২০১৩ ৰ অধীনত ৭৩নং বিহপুৰীয়া বিধানসভা সমষ্টি আৰু ৭৪নং ৰঙানদী বিধানসভা সমষ্টিত  আনুষ্ঠানিকভাৱে নতুন ৰেচন কাৰ্ড বিতৰণ কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰে। উল্লেখ্য যে সমগ্ৰ ৰাজ্যখনতে খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনত নতুনকৈ ৰেচন কাৰ্ড লাভ কৰা পৰিয়ালসমূহক যোৱা ১৬ জানুৱাৰীৰ পৰা ৰেচন কাৰ্ড প্ৰদান কৰি অহা হৈছে। ইয়াৰ অংশ হিচাপে ৭৩নং বিহপুৰীয়া বিধানসভা সমষ্টি আৰু ৭৪নং ৰঙা নদী বিধানসভা সমষ্টিত মন্ত্ৰী বৰাৰ উপস্থিতিত আয়োজিত অনুষ্ঠানত বিহপুৰীয়া বিধানসভাৰ ৪৯১২টা পৰিয়াললৈ আৰু ৰঙানদী বিধানসভাৰ ৭০৭০ টা পৰিয়াললৈ নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰা হয় । 

আজিৰ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি মন্ত্ৰী বৰাই কয় যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত চৰকাৰে সৰ্বসাধাৰণৰ ভোক আৰু পুষ্টিহীনতা নিবাৰণৰ দ্বাৰা দেশত সামাজিক ন্যায় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত যথেষ্ট সফলতা লাভ কৰিছে। খাদ্য সুৰক্ষা আইনৰ অধীনত অন্ত্যোদয়া অন্ন যোজনা কাৰ্ড আৰু অগ্ৰাধিকাৰ প্ৰাপ্ত পৰিয়াল কাৰ্ডৰ জড়িয়তে পৰিয়ালে প্ৰতি মাহে ৩৫ কিল'গ্ৰামকৈ আৰু সদস্যই প্ৰতি মাহে ৫ কিল'গ্ৰামকৈও চাউল লাভ কৰে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অসমত এই চাউল সম্পূৰ্ণ বিনামূলীয়াকৈ উপলব্ধ আৰু প্ৰতি মাহৰ ১০ তাৰিখৰ ভিতৰত এই চাউল হিতাধিকাৰীসকলে লাভ কৰে। আনহাতে ৰেচন কাৰ্ড লাভ কৰা পৰিয়ালসমূহে আয়ুষ্মান আঁচনিৰ অধীনত বছৰি ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱা আৰু উজ্জ্বলা আঁচনিৰ অধীনতো সুবিধা লাভ কৰিব পাৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সমাজৰ প্ৰতিজন ব্যক্তিৰে জনকল্যাণৰ বাবে আন্তৰিকতাৰে কাম কৰি আছে বুলি উল্লেখ কৰি  মন্ত্ৰীগৰাকীয়ে সকলোকে চৰকাৰী আঁচনিৰ সুবিধাসমূহ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। আনহাতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰে সম্পূৰ্ণ প্ৰতিশ্ৰুতি অনুসৰি কাম কৰি আছে বুলি মন্তব্য কৰি তেখেতে কয় যে চৰকাৰে প্ৰতিশ্ৰুতি দিয়া অনুসৰি অৰুণোদয়, প্ৰধানমন্ত্ৰী আবাস যোজনা, মাইক্ৰ'ফাইনেন্স লোণ ৰেহাই আদি আঁচনিও সফলতাৰে কাৰ্যকৰী কৰিছে । আনহাতে মহিলা সৱলীকৰণৰ এক দৃঢ় পদক্ষেপ হিচাপে আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যাক ১০,০০০ টকাকৈ দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। উল্লেখ্য যে সমগ্ৰ ৰাজ্যখনত নতুনকৈ প্ৰায় ৪২,৮৫,৭৪৫ লাখ হিতাধিকাৰীয়ে ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে । উক্ত সভাত  বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ড°অমিয় কুমাৰ ভূঞাই অংশ গ্ৰহণ কৰে । জিলা  আয়ুক্ত কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়িকা  জুনুমা কোঁচে   আঁত ধৰা অনুষ্ঠানটিত আদৰণি ভাষণ প্ৰদান কৰে  জিলাৰ ভাৰপ্ৰাপ্ত আয়ুক্ত তথা জিলা উন্নয়ন আয়ুক্ত  উৎপল বৰাই।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment