ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ উদ্যোগত 'শক্তি বন্দন'


গুৱাহাটী,২৭ জানুৱাৰীঃ ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ উদ্যোগত আজি দলৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত 'শক্তি বন্দন' শীৰ্ষক এক কৰ্মশালা অনুষ্ঠিত হৈ যায়। মূলতঃ আত্মসহায়ক গোট আৰু স্বেচ্ছাসেৱী সংগঠনৰ সৈতে সু-সম্পৰ্ক স্থাপনৰ লক্ষ্য আগত ৰাখি উক্ত কৰ্মশালাখনি আয়োজন কৰা হয়। উক্ত কৰ্মশালাত মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় উপ সভানেত্ৰী ৰেখা গুপ্তাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি দলীয় কাৰ্যকৰ্তা সকলক মাৰ্গ দৰ্শন কৰে। তেওঁ লগতে কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ মহিলাই বিশ্বৰ ভিতৰতে আগৰনুৱা হৈ উঠিছে। দেশৰ মহিলাই প্ৰতিৰক্ষা, অৰ্থনৈতিক, ৰাজনৈতিক, শৈক্ষিক, ক্ৰীড়া সকলো ক্ষেত্ৰতে আগুৱাই গৈছে। উক্ত কৰ্মশালাত ভাষণ প্ৰসংগত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয়, ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন চৰকাৰখনে নাৰী সমাজখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। আজিৰ সময়ত নাৰী সমাজৰ লগতে এন জি অ' সমূহক মান সন্মান তথা প্রতিটো দিশত গুৰুত্ব প্ৰদান কৰিছে সেইয়া একমাত্ৰ আমাৰ চৰকাৰ খনে কৰিছে। আনহাতে অসম চৰকাৰৰ মন্ত্ৰী অজন্তা নেওগে কয় যে, অসমত ৩৭ লাখ আত্ম সহায়ক গোট আছে। আমাৰ চৰকাৰে এই আত্ম সহায়ক গোট সমূহৰ জৰিয়তে নাৰী সৱলীকৰণৰ উদ্দেশ্য নিৰন্তৰে কাম কৰি আহিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ প্ৰতি গৰাকী মহিলাই নিজকে আত্মনিৰ্ভৰশীল কৰাৰ এক সুন্দৰ পৰিবেশ লাভ কৰিছে। কৰ্মশালাত ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী স্বপ্না বনিয়া, অসম চৰকাৰৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা,ৰাজ্যিক সাংগঠনিক সাঃ সম্পাদক ৰবীন্দ্ৰ ৰাজুয়েও উপস্থিত সকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। কৰ্মশালাত আত্ম সহায়ক গোট সমূহৰ সৈতে সম্পৰ্কৰক্ষী ৰূপে কাম কৰিব লগীয়া মহিলা মৰ্চাৰ জিলা প্ৰতিনিধি আৰু সামাজিক ক্ষেত্ৰৰে জড়িত আন মহিলা সকলেও অংশগ্ৰহণ কৰে। আজিৰ কৰ্মশালাত ৰাজ্যিক মহিলা মৰ্চাৰ  বিষয়-ববীয়া সকলৰ লগতে অন্যান্য কাৰ্যকৰ্তা সকল উপস্থিত আছিল।

 

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment