আলফা স্বাধীনৰ জিম্মাত থকা মানস বৰগোঁহাই সন্দৰ্ভত কি ক'লে অসম আৰক্ষীয়ে



গুৱাহাটী,২৯ জানুৱাৰীঃ আলফা স্বাধীনৰ শিবিৰত বন্দী হৈ থকা মানস বৰগোঁহাই সন্দৰ্ভত স্পষ্টিকৰণ দিছে অসম আৰক্ষীয়ে। উল্লেখ্য যে আলফা স্বাধীনৰ পৰা প্ৰেৰণ কৰা এটা ভিডিঅ' বাৰ্তাত মানস বৰগোঁহাই নামৰ এজন কেডাৰে উল্লেখ কৰিছিল যে তেওঁ অসম আৰক্ষীৰ তদানীনন্তন সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, বৰ্ত্তমানৰ ডিজিপি জি পি সিং, আৰক্ষী বিষয়া পাৰ্থ সাৰথি মহন্ত আদি শীৰ্ষ আৰক্ষী বিষয়াৰ কথা মতেই আলফা স্বাধীনত চোৰাংচোৱা কৰিবলৈ যোগদান কৰিছিল। এই ভিডিঅ' বাৰ্তাই ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি কৰাৰ সময়তে অসম আৰক্ষীয়ে এই বিষয়টোক সম্পূৰ্ণ অসত্য আখ্যা দিছে। এক প্ৰেছ বিজ্ঞপ্তিত অসম আৰক্ষীৰ ফালৰ পৰা কোৱা হৈছে যে আলফা স্বাধীনৰ কেম্পত বন্দী আৰক্ষীৰ চোৰাংচোৱা শীর্ষক এক বাতৰি কিছুসংখ্যক সংবাদ মাধ্যমত প্ৰকাশ হোৱা অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয়ৰ দৃষ্টিগোচৰ হৈছে। বাতৰিটোত মানস বৰগোঁহাই নামৰ আলফা স্বাধীনৰ সদস্য এজনক অসম আৰক্ষীৰ বিশেষ শাখাৰ বিষয়া বুলি উল্লেখ কৰা হৈছে। উক্ত বক্তব্য সম্পূর্ণ মিথ্যা। মানস বৰগোঁহাই নামৰ কোনো ব্যক্তিক অসম আৰক্ষীৰ বিশেষ শাখাত ২০২১ বৰ্ষত মকৰল কৰা হোৱা নাই আৰু অসম আৰক্ষীৰ ফালৰ পৰা তেনে কোনো ব্যক্তিক আলফা স্বাধীনৰ কেম্পলৈ পঠোৱা হোৱা নাই। অসম আৰক্ষীৰ সর্ম্পকে বাতৰিটোত পৰিবেশিত সকলোবোৰ কথা সম্পূর্ণ মিছা, বিভ্রান্তিকৰ আৰু উদ্দ্যেশ্যপ্রণোদিত বুলি অসম আৰক্ষীৰ বিবৃতিত প্ৰকাশ।
 

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment