ভয়ংকৰ দুৰ্ঘটনাই কপাই গ'ল ৰাজ্য, ৰক্তাক্ত ৰাজপথ



নিউজ ডেক্স,৩ জানুৱাৰীঃ বছৰটো আৰম্ভ হৈছিলহে মাত্ৰ। এখন গাঁৱৰ কেইবাটাও পৰিয়াললৈ নামি আহিল অমানিশা। গোলাঘাটৰ বচাভৰলুত এতিয়া নাই কোনো আনন্দ। সকলো ফালে কেৱল শোকৰ বন্যা। ৩ জানুৱাৰীৰ পুৱে গোলাঘাটৰ বচাভৰলুৰ ৫০ জনীয়া দল এটি ওলাই গৈছিল বনভোজ খাবলৈ। পৰিকল্পনা আছিল প্ৰথমে তিনিচুকীয়াত থকা টিলিঙা মন্দিৰ যাব আৰু পাছত বগীবিলত বনভোজ খাব। পৰিকল্পনা মতেই আৰম্ভ হৈছিল যাত্ৰা। পুৱতি নিশা ৪.৩০ বজাত হাঁহি-স্ফূৰ্তি কৰি ৫০ জনীয়া দলটো ওলাইছিল বনভোজলৈ বুলি। তেতিয়া হয়তো কোনোৱে ভবা নাছিল আজিৰ দিনটো তেওঁলোকৰ বাবে কাল হৈ পৰিব বুলি। তেতিয়া পুৱতি নিশা প্ৰায় ৫ বাজিছিল। সেই সময়তে ঘটে এক ভয়ংকৰ পথ দুৰ্ঘটনা। বিপৰীত দিশৰ পৰা অহা তীব্ৰবেগী কয়লা ভৰ্তি টেংকাৰৰ লগত বনভোজ খাবলৈ যোৱা আলট্ৰা বাছখনৰ মুুখামুখি সংঘৰ্ষ হয়। যাৰ ফলত বৰ্তমানলৈকে ১২ জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৩০ জনৰ অধিক আহত হয়। জানিব পৰা মতে কয়লা ভৰ্তি টেংকাৰখন মাৰ্ঘেৰিটাৰ পৰা বঙাইগাঁৱলৈ গৈ আছিল। ইতিমধ্যে মৃত্যু হৈছে কয়লা ভৰ্তি টেংকাৰৰ চালক নুৰ আলমৰ। লগতে মৃত্যুক সাৱতি লৈছে বহু যাত্ৰীয়ে। খবৰ পোৱাৰ লগে লগে বচাভৰলু গাঁৱখনত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। এই পথ দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে বাছখনৰ আগৰ অংশ সম্পূৰ্ণ ভাঙি যায়। একেটা পৰিয়ালৰে ৪-৫ জনকৈ লোকে প্ৰাণ হেৰুৱাইছে দুৰ্ঘটনাত। বৰ্তমান যোৰহাট মেডিকেল কলেজ হাস্পতালত ৩১ জন লোক ভৰ্তি আছে। ইয়াৰে সংকটজনক অৱস্থাত দুজনক আই চি ইউত ৰখা হৈছে যদিও বাকীসকল সংকটমুক্ত বুলি জানিব পৰা গৈছে। যোৰহাট মেডিকেল কলেজ হাস্পতালত প্ৰাণ হেৰুৱাই নিত্যানন্দ বৰা আৰু তেওঁৰ সাত বছৰীয়া কন্যাই। আনহাতে নিহত সকল হৈছে অনিমা শইকীয়া, দিপালী শইকীয়া, নৱজিৎ শইকীয়া, পিংকী শইকীয়া, ৰিংকি বৰা, ১০ বছৰীয়া নিহাৰিকা শইকীয়া, ১৩ বছৰীয়া শুভাংকৰ শইকীয়া, নিত্যানন্দ বৰা, প্ৰিন্সিপ্ৰিয়া বৰা, চিত্ৰা বৰা, মৃদুল বৰা(বাছৰ চালক), নুৰ আলম (টেংকাৰ চালক)। এই ঘটনাৰ পাছতেই এতিয়া কান্দি উঠিছে গাঁওবাসী। ঘটনা সন্দৰ্ভত যোৰহাটৰ উপায়ুক্তই কয় যে ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্তৰ নিৰ্দেশ দিয়া হৈছে। তদন্তকাৰী দলে এতিয়া ঘটনাস্থলীত উপস্থিত হৈ কাম আৰম্ভ কৰিছে। কি কাৰণে এই দুৰ্ঘটনা সংঘটিত হ'ল এয়া তদন্তৰ পাছতহে পোহৰলৈ আহিব বুলি কয় উপায়ক্ত গৰাকীয়ে। উল্লেখ্য যে, এই ঘটনাৰ বাবে একাংশই জগৰীয়া কৰিছে চাৰিলেন যুক্ত পথক। একাংশৰ মতে চাৰিলেনযুক্ত ঘাইপথৰ নিয়ম সলনি হৈ থাকে। সেই সম্পৰ্কে কাকো জনোৱা নহয়। তদুপৰি পথ সলনি হ'লে তাৰ কোনো চিহ্নও নাথাকে। যাৰ বাবে টেংকাৰখন ভুল পথেৰে আহি আছিল বুলি কয় একাংশই। আন একাংশৰ মতে ঘন কুঁঁৱলীৰ বাবে সংঘটিত হৈছে এই পথ দুৰ্ঘটনা। ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে। নিহতসকলৰ পৰিয়াললৈ ২ লাখ আৰু আহতৰ পৰিয়াললৈ ৫০,০০০ টকাৰ আৰ্থিক সাহাৰ্য ঘোষাণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment