চকা বন্ধত স্তব্ধ সমগ্ৰ ৰাজ্য, ব্যাহত যাতায়াত ব্যৱস্থা



গুৱাহাটী,৫ ডিচেম্বৰঃ অসম মটৰ-শ্ৰমিক সংগঠন আৰু পেট্ৰ'লিয়াম মজদুৰ ইউনিয়নৰ প্ৰতিবাদত ৰাজ্যত ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। প্ৰায় স্তব্ধ হৈ পৰিছে যাতায়ত ব্যৱস্থা। অৱশ্যে তাৰ মাজতে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনস্থ চৰকাৰী বাছসমূহ চলাচল কৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ নতুন আইন ভাৰতীয় ন্যায় সংহিতা-২০২৩ৰ অধীনৰ হিট এণ্ড ৰান গোচৰৰ বিৰোধিতাৰে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজ্যৰ চালকসকলে। তেওঁলোকৰ দাবী এই নতুন আইন বাতিল কৰক। ইতিমধ্যেই এই আইনক ক'লা আইন আখ্যাৰে মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, ছত্তীশগড়, পশ্চিমবংগ, পাঞ্জাৱ আদি ৰাজ্যৰ চালকসকলেও আৰম্ভ কৰিছে প্ৰতিবাদ। চালকসকলে বাছ, ট্ৰাক আদিৰ পৰা নামি গৰাকীৰ হাতত তুলি দিছে বাহনৰ চাবি। এন পৰিস্থিতিত দেশজুৰি বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে। গেছৰ চিলিণ্ডাৰৰ পৰা আৰম্ভ কৰি অত্যাৱশ্যকীয় বিভিন্ন সামগ্ৰীৰ নাটনিয়েও দেখা দিছে। গুৱাহাটীত নিশা নৈশ বাছসমূহৰ চলাচল বন্ধ হৈ পৰাত আই এছ বি টিত সৃষ্টি হয় এক অভাৱনীয় পৰিস্থিতি। সেইদৰে পুৱা মহানগৰীৰ প্ৰতিটো বাছ আস্থানতে দেখা গৈছে যথেষ্ট ভিৰ। বাছৰ বাবে অপেক্ষা কৰি ভাগৰি পৰিছে সাধাৰণ জনতা। সমান্তৰালকৈ বন্ধ হৈ পৰিছে কেব সেৱাও। এনে পৰিস্থিতিত স্কুল, কলেজ, কাৰ্যালয় আদিলৈ যাবলৈ ওলাই অহা লোকসকল বিপদত পৰিছে। মন কৰিবলগীয়া যে যদিও এই প্ৰতিবাদত বৰ্তমানলৈকে কেৱল ট্ৰাক, বাছ আদিৰ চালকসকল নামি পৰিছে দৰাচলতে এই আইনে কেৱল বাছ, ট্ৰাক আদি চালককে সামৰি নলয়। এই আইনে ব্যক্তিগত, ৰাজহুৱা সকলোধৰণৰ বাহনৰ চালকক সামৰি ল'ব। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত এখন বাহনত চালকৰ আসনত যিগৰাকী লোক থাকিব তেওঁ ১০ বছৰ কাৰাদণ্ডৰে দণ্ডিত হোৱাৰ লগতে ৭ লাখ টকা জৰিমণা হিচাপে আদায় দিব লাগিব। নতুন আইনত উল্লেখ থকা অনুসৰি দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত দুৰ্ঘটনা সংঘটিত কৰা চালকে আহতক হাস্পতাললৈ লৈ যাব লাগিব। কিন্তু দুৰ্ঘটনা এটা সংঘটিত হোৱাৰ পাছত সেই স্থানৰ পৰিৱেশ, পৰিস্থিতিয়ে কি ৰূপ লয় সেয়া সৰ্বজন বিদিত। এনে পৰিস্থিতিত দলবদ্ধ আক্ৰমণ আদিৰ পৰা চালকৰ সুৰক্ষা দিয়াৰ কোনো ব্যৱস্থা এই আইনত কৰা হোৱা নাই। আনহাতে এজন চালকে ৭ লাখ টকাৰ জৰিমণা কেনকৈ দিব সেয়াও এক ডাঙৰ প্ৰশ্ন। 


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment