লখিমপুৰত গড়াখহনীয়া প্ৰতিৰোধৰ আঁচনি ৰূপায়নত ঠিকাদাৰৰ বিধি পথালিৰ অভিযোগেৰে প্ৰতিবাদ


লখিমপুৰ,১৭ ফেব্ৰুৱাৰীঃ লখিমপুৰ জিলাৰ কদম ৰাজহ চক্ৰৰ অন্তৰ্গত ভীমপৰাত এন এইছ পি চিৰ কোটি টকীয়া আঁচনি ৰূপায়নত এগৰাকী ঠিকাদাৰে দিয়া বিধি পথালিৰ বাবে ভীমপৰা অঞ্চলৰ পাঁচখন গাঁও সোৱণশিৰি নদীৰ খহনীয়াত জাহ যোৱাৰ সম্ভাৱনা আহি পৰাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যাৰ বাবে নৈপৰীয়া অঞ্চলৰূপে পৰিচিত ভীমপৰাৰ ১নং গেৰেকী ঘাটৰ সমীপত আজি অঞ্চলটোৰ পাঁচখন গাঁৱৰ পৰা সমবেত হোৱা দুই শতাধিক পুৰুষ-মহিলাই অসম চৰকাৰৰ জলসম্পদ বিভাগৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত জে এল ডি কোম্পানীৰ ঠিকাদাৰৰূপে পৰিচিত ধেমাজি নিবাসী জয়ন্ত দিহিঙীয়াৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ৰাইজৰ অভিযোগ মতে গেৰুকামুখত নিৰ্মীয়মান অৱস্থাত থকা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নামনি অংশৰ ভীমপৰা এলেকাস্থিত আৰ ডি নং- ২৭-২৮ কিলোমিটাৰ আৰু ২৮-২৯ কিলোমিটাৰ অংশত সোৱণশিৰিৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ছয় কোটি পঞ্চাশ লাখ টকাৰো অধিক টকা ধাৰ্য কৰি এন এইচ পি চি কৰ্তৃপক্ষই ২০২২ চনত অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত ঠিকাদাৰৰ পৰা নিবিদা আহ্বান কৰিছিল। সেই অনুসৰি লখিমপুৰ, ধেমাজিকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ ঠিকাদাৰে উল্লিখিত কামৰ বিপৰীতে নিবিদা জমা দিছিল যদিও সকলোৱে সঠিকভাৱে নথি-পত্ৰ জমা নিদিয়াত এন এইচ পি চি কৰ্তৃপক্ষই উক্ত সকলো ঠিকাদাৰৰ নিবিদা নাকচ কৰে। এই কথাতে ক্ষূণ্ণ হৈ উক্ত কামৰ বিপৰীতে নিবিদা জমাকাৰী ঠিকাদাৰ জয়ন্ত দিহিঙীয়াই এন এইচ পি চি কৰ্তৃপক্ষৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা গোচৰ তৰি উল্লিখিত অংশৰ সমগ্ৰ কামছোৱাই বন্ধ কৰি দিয়ে। যাৰফলত বৰ্তমান উক্ত অংশত সোৱণশিৰি নৈয়ে সৃষ্টি কৰা খহনীয়াত ভীমপৰা অঞ্চলৰ ১ নং গেৰেকী, ২ নং গেৰেকী, টাকু গাঁও, ভূৰবন্ধা আৰু কঁঠালগুৰি গাঁওকেইখন জাহ যোৱাটো নিশ্চিত হৈ পৰিছে। ব্যক্তিগত স্বাৰ্থক আগত ৰাখি পাঁচখনকৈ গাঁৱৰ ৰাইজৰ জীৱন-সম্পত্তিৰ প্ৰতি ভাবুকি কঢ়িয়াই ঠিকাদাৰ জয়ন্ত দিহিঙীয়াই কাণ্ডজ্ঞানহীন ভূমিকাৰে এন এইচ পি চি কৰ্তৃপক্ষৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত গোচৰ তৰি যি দৌৰাত্ম‍্যতা প্ৰদৰ্শন কৰিছে তাৰ বিৰোধীতা কৰিয়ে আজি গাঁওকেইখনৰ ৰাইজ প্ৰতিবাদমুখৰ হৈ পৰে। প্ৰতিবাদকালত ৰাইজে 'জয়ন্ত দিহিঙীয়া মূৰ্দাবাদ', 'সাধাৰণ জনতাক ন্যায়ালয়ে ন্যায় দিয়ক', 'ৰাইজৰ জীৱন-সম্পত্তিক সুৰক্ষা দিয়ক', 'এন এইচ পি চি জিন্দাবাদ', 'ঠিকাদাৰ জয়ন্ত দিহিঙীয়াৰ দৌৰাত্ম‍্যতা নচলিব' আদি কৰি বিভিন্ন শ্ল'গানেৰে নৈপৰীয়া এলেকাটোৰ পৰিৱেশ উত্তাল কৰি তোলে। ৰাইজে এইক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা, সাংসদ প্ৰদান বৰুৱা তথা বিধায়ক মানৱ ডেকাৰ সহায়-সহযোগিতা কামনা কৰাৰ লগতে আগত তিনিদিনত যদি জয়ন্ত দিহিঙীয়াই বৃহত্তৰ নৈপৰীয়া অঞ্চলটোৰ ৰাইজৰ স্বাৰ্থত উচ্চ ন্যায়ালয়ত ব্যক্তিগত স্বাৰ্থক আগত ৰাখি এন এইচ পি চি কৰ্তৃপক্ষৰ বিৰুদ্ধে তৰা গোচৰটো উঠাই নলয় তেন্তে লখিমপুৰ আৰু ধেমাজি জিলাৰ আয়ুক্তক লিখিতভাৱে অৱগত কৰি পাঁচখন গাঁৱৰ ৰাইজে ঠিকাদাৰ জয়ন্ত দিহিঙীয়াৰ ধেমাজিস্থিত বাসগৃহ ঘেৰাও কৰাৰ হুংকাৰ দিয়ে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment