লখিমপুৰৰ দীৰ্ঘা নাহৰবাৰীত বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত যুৱক


লখিমপুৰ,১৭ ফেব্ৰুৱাৰীঃ লখিমপুৰ জিলাৰ বগীনদী থানাৰ অন্তৰ্গত চিয়াজুলি দীৰ্ঘা নাহবাৰীত বাঘৰ আক্ৰমণত এজন যুৱক গুৰুতৰ ভাৱে  আহত হোৱাৰ ঘটনাকলৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে বাঘটোৱে যুৱক জনৰ লগতে  তিনিটাকৈ গৰু আক্ৰমণ কৰি আহত কৰে আৰু ২৮টাকৈ কুকুৰা নিধন কৰে। ঘটনাৰ বিৱৰণি মতে সীমান্তৱৰ্তী কাকৈ সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা বাঘটোৱে দীৰ্ঘা নাহৰবাৰীৰ ইন্দ্ৰবাহাদুৰ ছেত্ৰীৰ ঘৰত যোৱানিশা প্ৰায় ৯.৩০ বজাত প্ৰৱেশ কৰি প্ৰথমে কুকুৰাৰ গড়ালত সোমাই ২৮টাকৈ কুকুৰা নিধন কৰে। তেনে সময়ত কুকুৰাৰ চিঞৰ বাখৰ শুনি ইন্দ্ৰ বাহাদুৰ ছেত্ৰীৰ সৰু পুত্ৰ ৰিবন ছেত্ৰী (৩৫) ঘৰৰ বাহিৰলৈ ওলাই অহাৰ সময়তে হঠাতে বাঘটোৱে ৰবীন ছেত্ৰীৰ ওপৰত জঁপিয়াই পৰি ভৰিত কামুৰি গুৰুতৰ ভাবে আহত কৰে। ৰবীন ছেত্ৰীয়ে বাঘটোৰ কৱলৰ পৰা নিজক কথমপি ৰক্ষা কৰে যদিও বাঘটোৱে তেওঁৰ বাসগৃহৰ চোতালত গুজৰি-গুমৰি থাকি গোহালিলৈ গৈ তিনিজনী গাই গৰুক কামুৰি আহত কৰে। ইফালে বাঘটোৱে ইন্দ্ৰবাহাদুৰ ছেত্ৰীৰ ঘৰৰ সমীপতে থকা সূৰ্য বাহাদুৰ ছেত্ৰীৰ ঘৰটো প্ৰৱেশ কৰি এটা গৰু কামুৰি আহত কৰে। বাঘৰ আক্ৰমণৰ ঘটনাৰ উমান পাই ৰাইজ ওলাই অহাৰ পাছত বাঘটো সমীপৰ বনাঞ্চলত সোমাই পৰে। ৰাইজে ততাতৈয়াকৈ বাঘৰ আক্ৰমণত আহত ৰবীন ছেত্ৰীক এম্বুলেন্স যোগে লখিমপুৰ মেডিকেল কলেজলৈ চিকিৎসাৰ বাবে নিয়ে। সম্প্ৰতি তেওঁ চিকিৎসাধীন অৱস্থাত আছে। ইফালে পশুধনৰ চিকিৎসাৰ ব্যৱস্থাও ৰাইজে কৰাৰ ব্যৱস্থা কৰে। ঘটনা সংঘটিত হোৱাৰ পাছত আজি লখিমপুৰ আঞ্চলিক বন বিষয়াৰ লগতে খণ্ড বন বিষয়া সহ বনকৰ্মী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ পৰ্যবেক্ষণ কৰে আৰু বাঘটো লতামেকুৰী বাঘ বুলি সন্দেহ কৰিছে। ইফালে লখিমপুৰ চহৰৰ মাজ মজিয়াত নাহৰফুটুকী বাঘৰ মুক্ত বিচৰণক লৈ ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে। জানিব পৰা মতে নকাৰীৰ বাসিন্দা ডঃ অৰুণ বৰদলৈৰ বাসগৃহত যোৱানিশা নাহৰফুটুকী বাঘে বিচৰণ কৰা দৃশ্য চি চি টিভি কেমেৰাত বন্দী হৈছে। অৰুণ বৰদলৈয়ে জনোৱা মতে যোৱানিশা প্রায় ১২-৩০ বজাত তেওঁৰ বাসগৃহৰ দৰ্জাত শব্দ শুনি তেওঁ চি চি টিভিৰ  ফুটেজ পৰীক্ষা কৰি বাঘৰ অৱস্থিতিৰ কথা জানিব পাৰে। লখিমপুৰৰ বন প্ৰাধিকাৰী বিষয়া তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাক্তন বন প্ৰাধিকাৰী বিষয়া ৰমেন গগৈয়ে চি চি কেমেৰাৰ  ফুটেজ চাই বাঘটো নাহৰফুটুকী বাঘ বুলি মত ব্যক্ত কৰিছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment