লখিমপুৰৰ চৰাইমৰিয়া বায়পাছত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত দুজনকৈ যুৱক


লখিমপুৰ,১৮ ফেব্ৰুৱাৰীঃ লখিমপুৰ নগৰৰ নিকটৱৰ্তী চৰাইমৰিয়াত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বায়পাছত যোৱানিশা ৮.৩০ বজাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে দুজন যুৱক নিহত হয়। ঘটনাৰ বিবৰণি মতে যোৱানিশা প্ৰায় ৮.৩০ বজাত এখন ট্ৰাক আৰু এখন পালচাৰ বাইকৰ মুখামুখি সংঘৰ্ষত লখিমপুৰ চিয়াজুলি বাগান গাঁৱৰ ৰামকৃষ্ণ শইকীয়া (৩০) আৰু কদম টেঙাবস্তিৰ মৃদুল গুৱালা(২০) থিতাতে নিহত হয়। নিহত দুয়োজন যুৱক বাইকৰ আৰোহী আছিল। জানিব পৰা মতে লখিমপুৰ ছিলভাৰকিষ্ট হস্পিটেলৰ সন্মুখত ফাষ্ট ফুডৰ দোকানৰ ব্যৱসায় কৰা ব্যৱসায়ী ৰামকৃষ্ণ শইকীয়া আৰু দোকানৰ কাৰিকৰ মৃদুল গুৱালাই দোকান বন্ধ কৰি লখিমপুৰ নগৰৰ দিশৰ পৰা চিয়াজুলি লৈ গৈ থকা অৱস্থাত ধেমাজিৰ পৰা লখিমপুৰ নগৰৰ দিশে আহি থকা ট্ৰাকখনৰ সৈতে সংঘৰ্ষ হয় । ফলত বাইকৰ আৰোহী দুজন নিহত হয় । মৃত্যুৰ সময়ত ৰামকৃষ্ণ শইকীয়াই এটি সাত মহীয়া সন্তানসহ পত্নী, পিতৃ মাতৃক  এৰি থৈ গৈছে। আনহাতে মৃদুল গুৱালাই ৯ মহীয়া গৰ্ভৱতী পত্নীসহ পিতৃ মাতৃ, আত্মীয়ক এৰি থৈ গৈছে । উদীয়মান যুৱক দুজনৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment