প্ৰতিকূল বতৰৰ বাবে লখিমপুৰত শ শ ক্ষুদ্ৰ চাহ খেতিয়কৰ হাহাকাৰ


লখিমপুৰ,১৮ ফেব্ৰুৱাৰীঃ গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰি তোলাত চাহ খেতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে যদিও এইবাৰ লখিমপুৰৰ  ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ মাজত  প্ৰতিকূল বতৰে এক হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে। ফেব্ৰুৱাৰী মাহ পৰ্যন্ত অব্যাহত থকা খৰাং বতৰে এইবাৰ  লখিমপুৰ জিলাৰ শ শ ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজলৈ ভয়ংকৰ দুৰ্যোগ কঢ়িয়াই আনিছে। সমান্তৰালভাৱে ভূতৰ ওপৰত দানহ পৰাদি চাহ বাগিচাসমূহত ৰেড স্পাইডাৰ(ৰঙা চাহি) আৰু হেল'পেলটিছ ৰোগে যি ভয়াৱহ সংক্ৰমণ বৃদ্ধি কৰিছিল তাৰ ফলত ক্ষূদ্ৰ চাহ বাগিছা স্থাপনেৰে আত্মসংস্থাপিত হ'ব বিচৰা জিলাখনৰ ক্ষূদ্ৰ চাহ খেতিয়কসকল ব্যথিত হৈ পৰিছিল। বিগত বৰ্ষত নৱেম্বৰ-ডিচেম্বৰত চাহ বাগিচাসমূহত কলম কটা আৰম্ভ কৰাৰ পাছত ফেব্ৰুৱাৰী মাহৰ পৰা গছ সমূহত ন-কুঁহিপাত মেলিবলৈ আৰম্ভ কৰে। কিন্তু এইবাৰ বছৰৰ আৰম্ভণীৰ পৰা বিশেষকৈ মাঘ মাহত অধিক বৰষুণ নহাত জিলাখনৰ শ শ ক্ষূদ্ৰ চাহ খেতিয়কে বৰ্তমান মূৰে কপালে হাত দিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে বিগত সময়তছোৱাত  চৰকাৰ ঘোষিত লকডাউন, বতৰৰ তাৰতম্য তথা এটাৰ পিচত আনটো ৰোগৰ আক্ৰমণত  জিলাখনত চাহ উৎপাদন ত্ৰিশ শতাংশলৈ হ্ৰাস হোৱাত ক্ষূদ্ৰ চাহ উদ্যোগীসকল বৃহৎ লোকচানৰ সন্মুখীন হৈছিল। প্ৰাকৃতিক প্ৰতিবন্ধকতাৰ প্ৰাচীৰ ভাঙি বছৰি লখিমপুৰৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছিল যদিও এইবাৰ তেওঁলোক থমকি ৰবলগীয়া হৈছে। এইবাৰ পূৰ্বৰ তুলনাত জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত অধিক হাৰত বৰষুণ নোহোৱাত  কলম কটাৰ পিচত  আগতীয়াকৈয়ে চাহ গছসমূহত ন কুঁহিপাত (এটি কলি দুটি পাত) মেলা দেখা নোপোৱাত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ লগতে চাহ বাগিছাসমূহত দৈনিক শ্ৰম কৰি পৰিয়াল পোহপাল দি অহা শ্ৰমিকসকল অৱস্থা শোচনীয় হৈ পৰিছে। উল্লেখ্য যে বিগত বৰ্ষটোত জানুৱাৰী মাহত অধিক বৃষ্টিপাত হোৱাত আগতীয়াকৈ গছসমূহত ন কুঁহিপাত মেলা পৰিলক্ষিত হৈছিল। পিচে এইবাৰ জানুৱাৰী মাহৰ পৰাই চাহ গছৰ উপযোগী হোৱাকৈ বৃষ্টিপাত নোহোৱাত ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিটো বাগিছাসমূহৰ চাহ গছত ভবা ধৰণে কুঁহিপাত নেমেলাত খেতিয়ক সকলক অধিক চিন্তিত কৰি তুলিছে। যাৰ বাবে বিগত বৰ্ষসমূহত বহু দুৰ্যোগৰ সন্মুখীন হৈ সৰ্বস্বান্ত হোৱা ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মাজলৈ এইবাৰো আশাৰ বিপৰীতে দুৰ্ভাৱনা কঢ়িয়াই আনিছে। তাৰোপৰি  জিলাখনৰ চাহ ব্যৱসায়ত অব্যাহত ৰখা বহুজাতিক প্ৰতিষ্ঠানৰ দ্বাৰা পৰিচালিত চাহ বাগিছাসমূহে ক্ষূদ্ৰ চাহ খেতিয়কসকলৰ পৰা কেঁচা চাহপাত ক্ৰয় কৰিবলৈ গৈ ইচ্ছানুসৰি কেঁচা চাহপাতৰ মূল্য নিৰ্ধাৰণ কৰি ভাগ্য নিয়ন্তা হিচাপে দেখা দিয়াত ক্ষুদ্ৰ চাহ খেতিয়ক সকল লোকচানৰ সন্মুখীন হৈ আহিছে। সেয়েহে পূৰ্বৰ তুলনাত এইবাৰ  লখিমপুৰৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলে যে অধিক লোকচানৰ সন্মুখীন হব সেইটো নিশ্চিত হৈ পৰিছে।  

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment