চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ উদ্বোধনী অনুষ্ঠানত পাপনৰ সংগীতানুষ্ঠান


গুৱাহাটী,১৭ ফেব্ৰুৱাৰীঃ প্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত হ'ব ‘চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ-২০২৩ অষ্টলক্ষ্মী’। ১৯ ফেব্ৰুৱাৰীত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগা উদ্বোধনী অনুষ্ঠানে সকলোকে ৰোমাঞ্চিত কৰি তুলিব। উল্লেখ্য যে পৰম্পৰা আৰু গ্লেমাৰৰ প্ৰয়োভৰ ঘটিব লগা সংগীত প্ৰধান বৰ্ণময় উদ্বোধনী অনুষ্ঠানত গীত পৰিবেশন কৰিব অসমৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠিত কণ্ঠশিল্পী পাপন অংগৰাগ মহন্তই। স্বাভাৱিকতে পাপনৰ মায়াময় সংগীত অনুষ্ঠানে এক ৰোমাঞ্চকৰ পৰিৱেশ সৃষ্টি কৰিব চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ উদ্বোধনী অনুষ্ঠানক। ক্ৰীড়াপ্ৰেমীৰ বাবে উদ্বোধনী অনুষ্ঠান বিনামূলীয়া কৰা হৈছে। কৃষ্টি, ঐতিহ্য, প্ৰযুক্তিবিদ্যাৰ সামাহাৰ ঘটিব লগা অনন্য উদ্বোধনী অনুষ্ঠানত দেশৰ ঐক্য, বৈচিত্ৰ আৰু ক্ৰীড়া মনোভাৱৰ মূল্যবোধক প্ৰতিফলিত কৰি তোলা বিষয়ভিত্তিক প্ৰদৰ্শনীও ষ্টেডিয়ামৰ মধ্যভাগত স্থাপন কৰা মঞ্চত প্ৰদৰ্শন কৰা হ’ব৷ ইয়াৰ উপৰিও অসমৰ কৃষ্টি-সংস্কৃতিৰ নিভাজ ৰূপ, ৰাজ্যৰ জনজীৱনৰ ঐতিহ্যক চিহ্নিত কৰা কলাৰ মনোমোহা প্ৰদৰ্শনে উদ্বোধনী অনুষ্ঠানটোক অধিক আকৰ্ষণীয় কৰি তুলিব৷ আনহাতে উদ্বোধনী অনুষ্ঠান ১৯ ফেব্ৰুৱাৰীত হ’ব যদিও শনিবাৰে সৰুসজাই ষ্টেডিয়ামত পুৰুষ-মহিলাৰ কাবাডী প্ৰতিযোগিতাৰে অসমত চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ আনুষ্ঠানিক আৰম্ভনি হৈছে৷ উল্লেখ্য যে উভয় শাখাতে আঠখনকৈ বিশ্ববিদ্যালয়ে অংশ লৈছে আৰু আজি গ্ৰুপ মেচসমুহ অনুষ্ঠিত হয়। কাইলৈৰ পৰা অসমত বাস্কেটবল, মহিলাৰ ফুটবল আৰু মাল্লখম্ব আৰম্ভ হোৱাৰ বিপৰীতে আগৰতলাত যোগাসন আৰু আইজলত পুৰুষৰ ফুটবল আৰম্ভ হ’ব। উল্লেখ্য যে এইবাৰৰ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত ২০ বিধ খেলত মুঠ ২৬২ টা সোণ, ২৬৩ টা ৰূপ আৰু ২৯৭ টা ব্ৰঞ্জৰ পদকৰ বাবে প্ৰায় চাৰি হাজাৰ ক্ৰীড়াবিদে প্ৰতিদ্বন্দ্বিতা কৰিব৷ গুৱাহাটীসহ উত্তৰ-পূবৰ আন সাতখন চহৰৰ ১৮টা স্থানত খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। গেমছত যি ২০ বিধ খেল অন্তৰ্ভুক্ত কৰা হৈছে তাৰে ১৬ বিধ খেল আয়োজন কৰিব অসমে। আনহাতে মেঘালয়ত আৰ্চাৰী, ত্ৰিপুৰাত যোগাসন, নাগালেণ্ডত মল্লযুঁজ, অৰুনাচল প্ৰদেশত ভাৰোত্তোলন, ছিকিমত পুৰুষ বক্সিং আৰু মিজোৰামত পুৰুষৰ ফুটবল অনুষ্ঠিত হ’ব৷ ইফালে অসমত হ’বলগা ইভেণ্টসমুহ হ’লএথলেটিকছ, ৰাগবি, ভলীবল, বাস্কেটবল, সাঁতোৰ, বেডমিণ্টন, হকী, ফেন্সিং, কাবাদী, টেনিছ, জুডো, টেবুল টেনিছ, মাল্লখম্ব, শ্বুটিং আৰু মহিলাৰ ফুটবল তথা বক্সিং৷ গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ লগতে ভেটাপাৰাৰ হকী ষ্টেডিয়াম, কাহিলীপাৰাৰ শ্বুটিং ৰেঞ্জ, ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্প, আমিনগাঁও ইনড’ৰ ষ্টেডিয়াম, চচল টেনিছ প্ৰকল্প, ভোগেশ্বৰী ফুকননী ইনড’ৰ ষ্টেডিয়াম খেল অনুষ্ঠিত হ’ব। অসমৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ছয়জনীয়া সদস্যৰে ৰাজ্যৰ সৰ্বাধিক দলটো হোৱাৰ বিপৰীতে ১৯ গৰাকী খেলুৱৈৰে মণিপুৰ বিশ্ববিদ্যালয়ৰ দলটো উত্তৰ-পূব অঞ্চলৰ পৰা সৰ্বাধিক প্ৰতিনিধিত্বৰ দল৷ ইফালে অমৃতসৰৰ গুৰু নানক দেৱ বিশ্ববিদ্যালয়ে ২৩৮ জন সদস্যৰে গঠিত শ্ৰেষ্ঠ দল প্ৰেৰণ কৰাৰ বিপৰীতে চণ্ডীগড় বিশ্ববিদ্যালয়ে ১৬৫ জনীয়া আৰু পাঞ্জাব বিশ্ববিদ্যালয়ে ১৫১ জনীয়া খেলুৱৈৰ দল প্ৰেৰণ কৰিছে৷ পঞ্জাৱৰ মুঠ ১০খন বিশ্ববিদ্যালয়ে যোগদান কৰাত ৰাজ্য হিচাপে পঞ্জাৱৰে সৰ্বাধিক খেলুৱৈৰ দল হিচাপে পৰিগনিত হৈছে। উল্লেখ্য যে ২০১৮ চনৰ পৰা কেন্দ্ৰীয় ক্ৰীড়া বিভাগে ছয়খন খেলো ইণ্ডিয়া ইউথ গেমছ, তিনিখন খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ আৰু চাৰিখন খেলো ইণ্ডিয়া শীতকালীন গেমছ আৰু বিভিন্ন ক্ৰীড়াত একাধিক খেলো ইণ্ডিয়া মহিলা লীগৰ আয়োজন কৰি আহিছে৷ যোৱা ডিচেম্বৰত প্ৰথমবাৰৰ বাবে নতুন দিল্লীত অনুষ্ঠিত হৈছিল খেলো ইণ্ডিয়া পেৰা গেমছ৷  ২০১৬-২০২৩ বৰ্ষত খেলো ইণ্ডিয়া আঁচনিৰ বাবে মুঠ ২৪১৮ কোটি টকা আবণ্টন দিয়া হৈছে আৰু অনাগত পাঁচ বছৰৰ বাবে ৩১৬৫ কোটি টকা এই আঁচনিৰ বাবে ব্যৱস্থা কৰা হৈছে৷

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment