ৰাজ্যৰ ভিতৰুৱা অঞ্চলৰ লোকৰ বাবে উন্নত মানৰ স্বাস্থ্য সেৱা আগবঢ়োৱাৰ দিশে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান


গুৱাহাটী,২৩ ফেব্ৰুৱাৰীঃ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ নিৰ্দেশনা মৰ্মে আজি সঞ্জীৱনী-গাঁও আৰু স্বাস্থ্য প্ৰসাৰ কাৰ্যসূচী সেৱাৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ মুখ্য কাৰ্যালয়ত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অভিযান সঞ্চালক ডাঃ এম এছ লক্ষ্মী প্ৰিয়া আৰু পিৰামল স্বাস্থ্য মেনেজমেন্ট এণ্ড ৰিচাৰ্ছ ইনষ্টিটিউটৰ কাৰ্যসূচী সঞ্চালক নজীৱ হাজৰিকাৰ মাজত এক বুজাবুজিৰ স্মাৰক পত্ৰ স্বাক্ষৰিত হয়। এই কাৰ্যসূচীৰ জৰিয়তে ৰাজ্যৰ স্বাস্থ্য বিভাগে জিলাসমূহৰ পূৰ্বনিৰ্ধাৰিত স্থানসমূহত ৰাষ্ট্ৰীয় স্বাস্থ্য কাৰ্যসূচীৰ অধীনত ভ্ৰাম্যমান মেডিকেল ইউনিট আৰু স্বাস্থ্য দলৰ জৰিয়তে বিভিন্ন ৰোগৰ আগতীয়াকৈ চিনাক্তকৰণ কৰি উন্নত চিকিৎসাৰ বাবে স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা লগতে পুনঃনিৰীক্ষণ আৰু অসংক্ৰামক ৰোগ যেনে - ডায়েবেটিছ, উচ্চ ৰক্তচাপ, দীৰ্ঘদিন ধৰি ভুগি থকা ৰোগ যক্ষ্মা, হাপানী আদিৰ বাবে বিনামূলীয়া ঔষধৰ ব্যৱস্থা কৰাৰ লগতে প্ৰসৱপূৰ্বক স্বাস্থ্য পৰীক্ষা আদিৰো ব্যৱস্থা কৰিছে। অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ কুমাৰ চৌধুৰী, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ মাণ্ডলিক প্ৰশাসনিক বিষয়া প্ৰীতম কুমাৰ দাস, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ মাণ্ডলিক প্ৰশাসনিক বিষয়া জয়ন্ত দত্ত, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ ৰাজ্যিক কাৰ্য্যক্ৰম বিষয়া ডাঃ দীপজ্যোতি ডেকা, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ এছ পি অ’ এন চি ডি ডাঃ ৰাহুল কুমাৰ শৰ্মা আৰু পিৰামল স্বাস্থ্য মেনেজমেন্ট এণ্ড ৰিচাৰ্ছ ইনষ্টিটিউটৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment