কাৰাগাৰলৈ লখিমপুৰৰ অৱনীশ হস্পিটেলৰ স্বত্বাধিকাৰী স্ত্ৰী-ৰোগ বিশেষজ্ঞ ডাঃ অৰূপ কুমাৰ দত্ত



লখিমপুৰ,২৪ ফেব্ৰুৱাৰীঃ লখিমপুৰ নগৰৰ নকাড়ীত অৱস্থিত অৱনীশ হস্পিতাল নামৰ বেচৰকাৰী প্ৰতিষ্ঠানখনৰ স্বত্ত্বাধিকাৰ তথা লখিমপুৰৰ এগৰাকী অভিজ্ঞ প্ৰসূতি ৰোগ বিশেষজ্ঞৰূপে পৰিচিত চিকিৎসক ডাঃ অৰূপ কুমাৰ দত্তক এগৰাকী যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত জিলা ন‍্যায়িক দণ্ডাধীশে আজি জেললৈ প্ৰেৰণ কৰে। আৰক্ষী সূত্ৰে জানিব পৰা মতে চিকিৎসকগৰাকীৰ মালিকানাধীন হস্পিতালখনত এগৰাকী নাৰ্ছৰূপে কৰ্মসংস্থাপন বিচাৰি নিজৰ বায়'ডাটা জমা দিবলৈ বুলি যাওতেই চিকিৎসকগৰাকীয়ে যুৱতীগৰাকীক যৌন নিৰ্যাতন চলাইছিল। এই সন্দৰ্ভত যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে সদৰ থানাত দাখিল কৰা এজাহাৰ মতে এগৰাকী বান্ধৱীসহ যোৱাসন্ধ‍িয়া প্ৰায় ৫ বজাত ভূক্তভোগীগৰাকী কৰ্ম সংস্থাপন বিচাৰি হাস্পতালখনত উপস্থিত হৈছিল। সেই অনুসৰি যুৱতীগৰাকীক চিকিৎসকগৰাকীয়ে বায়'ডাটা পৰীক্ষণৰ নামত তেওঁৰ নিজাববীয়া কোঠালৈ অকলশৰে মাতি নিয়ে আৰু তেঁওৰ ওপৰত যৌন নিৰ্যাতন চলায়। এনে অনাহূত পৰিস্থিতিত আতংকিত হৈ তেওঁ নিজকে চিকিৎসকগৰাকীৰ কবলৰ পৰা উদ্ধাৰ কৰি কোঠাটোৰ পৰা দৌৰি হস্পিতালখনৰ বাহিৰলৈ ওলাই আহে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত ফোনযোগে মাকক অৱগত কৰে। ইতিমধ্যে নিজৰ সন্তানৰ ওপৰত চলা যৌন নিৰ্যাতন সন্দৰ্ভত অৱগত হৈ যুৱতীগৰাকীৰ মাক-দেউতাকে   যোৱানিশায়ে জীয়েকক লগত লৈ উত্তৰ লখিমপুৰ সদৰ থানাত চিকিৎসকগৰাকীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত লখিমপুৰ আৰক্ষীয়ে যোৱানিশা ১০.৩০ বজাত চিকিৎসকগৰাকীক তেওঁৰ হস্পিতালখনৰ পৰা আটক কৰে  আৰু ৪৩/২৪ নংৰ অধীনত এটা গোচৰ ৰুজু কৰি ৩৫৪(এ)/৩৭৬/৫১১ ধাৰা অনুসৰি আজি ন‍্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। ইফালে এই ঘটনাটোক সম্পূৰ্ণ পৰিকল্পিত বুলি অভিযোগ তুলি হস্পিতালখনত কৰ্মৰত সকলো নাৰ্ছ তথা কৰ্মচাৰীয়ে আজি দিনৰভাগত সদৰ থানাৰ চৌহদত একপ্ৰকাৰ উত্তাল পৰিৱেশৰ সৃষ্টি কৰে। ঘটনা সংক্ৰান্তত চিকিৎসক  ডাঃ অৰূপ কুমাৰ দত্তই কয় যে ঘটনাটো সম্পূৰ্ণ মনেসঁজা। শুকুৰবাৰে যুৱতীগৰাকীয়ে যি সময়ত তেওঁৰ ওচৰত বায়'ডাটাখন জমা দিব গৈছিল সেই সময়ত কোঠাটোত তেওঁৰ কাষত চিকিৎসক ডাঃ ডেবিদ হাজৰিকা বহি থকাৰ লগতে এগৰাকী কৰ্মৰত নাৰ্ছো উপস্থিত আছিল। উল্লেখ্য যে আজি সামাজিক মাধ্যমত এগৰাকী যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ অপৰাধত যোৱা নিশা চিকিৎসকগৰাকীক লখিমপুৰ আৰক্ষীয়ে আটক কৰাৰ খবৰ বিয়পি পৰাৰ লগে লগে লখিমপুৰৰ বহু লোকে চিকিৎসকগৰাকী পূৰ্বৰে পৰা অসৎ চৰিত্ৰৰ বুলি অভিযোগ তুলিছে । আনহাতে উক্ত ঘটনাটোত যদিহে চিকিৎসকগৰাকী আইনমতে দোষী সাব্যস্ত হয়, তেন্তে চিকিৎসকগৰাকীক কঠোৰ শাস্তি প্ৰদান কৰি যুৱতীগৰাকীক ন্যায় প্ৰদান কৰিবলৈ উত্তৰ লখিমপুৰ সদৰ থানাৰ আৰক্ষী বিষয়া তুলুমণি দুৱৰাক অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু বীৰ লাচিত সেনা, অসমৰ উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিয়ে একোখনকৈ স্মাৰকপত্ৰ প্ৰদান কৰে। বৰ্তমান ঘটনা সংক্ৰান্তত উত্তৰ লখিমপুৰ সদৰ আৰক্ষীয়ে অৱনীশ হস্পিতালৰ চি চি কেমেৰাৰ তথ্য সংগ্ৰহ কৰি অনুসন্ধান অব্যাহত ৰাখিছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment