অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন খাৰিজ : কেবিনেটৰ সিদ্ধান্ত
গুৱাহাটী,২৪ ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত শুকুৰবাৰে নিশা দিছপুৰৰ লোক সেৱা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয়। কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্ত সমূহ সংবাদমেল যোগে সদৰি কৰে মন্ত্রী জয়ন্ত মল্ল বৰুৱাই। মন্ত্রী বৰুৱাই কয় যে মুখ্যমন্ত্রীয়ে কোৱাৰ দৰে আমি ইউনিফ'ৰ্ম ছিভিল ক'ডৰ দিশে গৈ আছো। সেই সন্দৰ্ভত কেবিনেটত অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেটৰ সিদ্ধান্ত অনুসৰি আসাম মুছলিম মেৰিজ এণ্ড ডাইভৰ্চ ৰেজিষ্ট্ৰেচন এক্ট-১৯৩৫ খাৰিজ কৰা হয়। এতিয়াৰে পৰা এই এক্টৰ যোগেদি মুছলিম বিবাহৰ পঞ্জীয়ন আৰু বিবাহ বিচ্ছেদ নহ'ব। সকলো বিবাহ বিশেষ মেৰিজ এক্টৰ যোগেদি হ'ব। এতিয়াৰে পৰা আসাম মুছলিম মেৰিজ এণ্ড ডাইভৰ্চ ৰেজিষ্ট্ৰেচন এক্ট-১৯৩৫ৰ নিয়ন্ত্ৰণ জিলা আয়ুক্ত আৰু জিলা পঞ্জীয়কে লৈ ল'ব। আনহাতে আসাম মুছলিম মেৰিজ এণ্ড ডাইভৰ্চ ৰেজিষ্ট্ৰেচন এক্ট-১৯৩৫ৰ লগত জড়িত হৈ থকা ৯৪ জন লোকক অসম চৰকাৰে এককালীন ক্ষতিপূৰণ হিচাপে ২ লাখ টকাকৈ প্ৰদান কৰিব। বৃটিছৰ দিনৰ পৰা চলি অহা এখন আওপকীয়া আইনৰ বৰ্ত্তমানৰ সমাজ ব্যৱস্থাত প্ৰয়োজন নাছিল। ইয়াৰ দ্বাৰা চাইল্ড মেৰিজ বন্ধ হ'ব। আনহাতে আজিৰ কেবিনেটত মিচিং, ৰাভা, কাৰ্বি, ডিমাছা, দেউৰী, তিৱা ভাষা প্ৰাথমিক শিক্ষাৰ মাধ্যম হিচাপে লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেইদৰে কেবিনেটে বালিপৰাৰ ট্ৰাইবেল বেল্টৰ ক্ষেত্রত গোৰ্খা, আহোম, কোচ ৰাজবংশী লোকসকলক প্ৰটেক্টেড ক্লাছ হিচাপে ঘোষণা কৰিছে। কেবিনেটে কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি আৰু হোজাইত মণিপুৰ ভাষাক চৰকাৰী সহযোগী কাৰ্যালয় ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰে। কেবিনেটত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়।

0 Comments:
Post a Comment