লখিমপুৰৰ ৰঙানদী বিধানসভা সমষ্টিত ভূমিৰ পট্টা বিতৰণ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ



লখিমপুৰ,২৪ ফেব্ৰুৱাৰীঃ খিলঞ্জীয়া লোকৰ ভূমি সুৰক্ষা আৰু ভূমি অধিকাৰ প্ৰদানৰ উদ্দেশ্যে অসম চৰকাৰে গ্ৰহণ কৰা এখন অন্যতম আঁচনি হৈছে "মিছন বসুন্ধৰা"। আজি লখিমপুৰ জিলাৰ ৭৫ নং নাওবৈছা বিধানসভা সমষ্টিৰ অন্তৰ্গত সোণৰ ঢেঁকী খেলপথাৰত ৩২৪৪ জন ব্যক্তিক আৰু ৭৪ নং ৰঙানদী বিধানসভা সমষ্টিৰ অন্তৰ্গত ১,৩৫২ গৰাকী খিলঞ্জীয়া ব্যক্তিক ড° ভূপেন হাজৰিকা মুকলি মঞ্চত "মিছন বসুন্ধৰা ২.o"ৰ অধীনত ভূমি পট্টা প্ৰদান কৰা হয়। শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আনুষ্ঠানিক ভাৱে উক্ত ভূমি পট্টা বিতৰণৰ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে। ভাষণত তেওঁ কয় যে ভূমি অধিকাৰ প্ৰদানেৰে খিলঞ্জীয়া জনগোষ্ঠীক সৱলীকৰণৰ ক্ষেত্ৰত অসম চৰকাৰৰ এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে। এটা সময়ত ৰাজ্যখনত বসবাস কৰি থকা খিলঞ্জীয়া জনসাধাৰণে সুদীর্ঘ সময় ধৰি নিজৰ দখলত থকা মাটিৰ ওপৰত আইনগতভাৱে অধিকাৰ লাভ কৰা নাছিল। আনকি নিজৰ দখল বুলি দাবী কৰিব পৰাকৈ নথিভুক্ত ভূমিৰো ৰেকৰ্ড নাছিল। এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ভূমিৰ অধিকাৰ আইনখনৰ সংশোধন কৰে আৰু ভূমিহীন খিলঞ্জীয়া লোকসকললৈ ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ সিদ্ধান্ত লয়। এই প্ৰক্ৰিয়াৰ জৰিয়তে খিলঞ্জীয়া ভূমিহীন লোকসকলে ভূমিৰ চৰকাৰী নথিপত্ৰ লাভ কৰিবলৈ সক্ষম হ'ব। ভূমি পট্টাসমূহে ভূমিৰ গৰাকীসকলক নিজ মাটিৰ মালিকীস্বত্ব আহৰণৰ সুযোগ প্রদান কৰিব। তেওঁলোকে বেংক ঋণকে ধৰি বিভিন্ন সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। এই পট্টাসমূহ ডিজিটেল ৰূপত সংৰক্ষিত হৈ থাকিব। পট্টাসমূহ হেৰাই গ'লেও ডিজিটেল লকাৰত উপলব্ধ হৈ থকাৰ বাবে হিতাধিকাৰীসকল উপকৃত হ'ব পাৰিব। এই ভূমি অধিকাৰৰ জৰিয়তে হিতাধিকাৰীসকলে অন্যান্য চৰকাৰী আঁচনিৰ সুবিধাও লাভ কৰিব পাৰিব। তদুপৰি তেখেতে সমাজৰ সকলো ব্যক্তিক কৰ্মযোগী হৈ কর্মসংস্কৃতি গঢ়ি তুলিবলৈ আহ্বান জনোৱাৰ লগতে  তেখেতে ডিজিটেল Locker App আৰু ছাত্ৰীসকলৰ পঢ়া শুনা সুনিশ্চিত কৰাৰ উদ্দেশ্যে অসম চৰকাৰে নতুনকৈ প্ৰৱৰ্তন কৰিবলগীয়া "নিযুত মইনা" আঁচনি সম্পর্কে বক্তব্য আগবঢ়ায়। উক্ত অনুষ্ঠানত সাংসদ প্ৰদান বৰুৱাই  ভাষণত মাটিৰ শ্ৰেণীৰ পৰিৱৰ্তন সম্পৰ্কে বক্তব্য আগবঢ়ায় আৰু ভূমি পট্টা লাভ কৰা ব্যক্তিসকলক  অভিনন্দন  জ্ঞাপন কৰে। ৰাইজক বিশেষকৈ প্ৰধানমন্ত্ৰী আবাস যোজনা, অৰুনোদই আদি আঁচনিৰ পৰা বঞ্চিত হোৱা ব্যক্তিক পৰৱৰ্তী সময়ত সেই আঁচনি সমূহৰ সুবিধা প্ৰদান কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে। নিজৰ আৰু পৰিয়ালৰ ভৱিষ্যত জীৱন সুনিশ্চিত কৰিবলৈ জীৱন জ্যোতি বীমা যোজনা, সুৰক্ষা বীমা যোজনা, অটল পেঞ্চন যোজনা, জন ধন যোজনা আদি আঁচনি সমূহৰ সুবিধা গ্ৰহণ কৰিবলৈ ৰাইজক আহ্বান জনায়।  প্ৰধান মন্ত্ৰী বিশ্বকৰ্মা আঁচনিখনৰ সম্পৰ্কটো বক্তব্য আগবঢ়ায়। উল্লেখ্য যে লখিমপুৰ জিলাত ১৯,৭৭১ গৰাকী লোকে ভূমিৰ অধিকাৰ লাভ কৰিবলৈ যোগ্যতা অৰ্জন কৰিছে। জিলা আয়ুক্ত কাৰ্য্যলয়ৰ জ্যেষ্ঠ সহায়িকা  জুনুমা কোচে আঁত ধৰা অনুষ্ঠানটিত আদৰণি ভাষণ প্ৰদান কৰে জিলা আয়ুক্ত গায়ত্ৰী হ্যালিঙে। ভূমি পট্টা বিতৰণৰ কাৰ্য্যসূচীতবজিলা উন্নয়ন আয়ুক্ত উৎপল বৰা, জিলা অতিৰিক্ত আয়ুক্ত টিকুমণি বৰা, বিজেপিৰ ফণী বৰুৱা, ৰাজহ চক্ৰ বিষয়া সকল আৰু ভূমি পট্টা লাভ কৰা ব্যক্তি সকল উপস্থিত থাকে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment