অব্যাহতি বিচাৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিলৈ পদত্যাগ পত্র ৰাণা গোস্বামীৰ


গুৱাহাটী,২৫ ফেব্ৰুৱাৰীঃ আন এক মোক্ষম আঘাতৰ সন্মূখীন হ'ব নেকি কংগ্ৰেছ। পৰিৱেশ-পৰিস্থিতিয়ে তাৰেই আভাস দিছে। দল ত্যাগৰ চৰ্চা অব্যাহত থকাৰ মাজতে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা জ্যেষ্ঠ নেতা ৰাণা গোস্বামীয়ে বিচাৰিলে অব্যাহতি। কংগ্ৰেছৰ দলীয় দায়িত্বৰ পৰা অব্যাহতি বিচাৰি দেওবাৰে ৰাণা গোস্বামীয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ প্ৰেৰণ কৰে পত্র। উজনি অসমৰ দায়িত্বৰ পৰা অব্যাহতি বিচাৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে। উল্লেখ্য যে প্ৰদেশ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে দল ত্যাগ কৰি অগপ নাইবা বিজেপিত যোগদান কৰিব বুলি চৰ্চা অব্যাহত আছে। অৱশ্যে এই চৰ্চাক তেওঁ নসাৎ কৰিছে। কিন্তু তৎস্বতেও বিষয়টো বিশেষভাৱে চৰ্চাত আছে। ইয়াৰ মাজতে আজি তেওঁ পদত্যাগ পত্র দিয়াত বিষয়টো আৰু অধিক চৰ্চালৈ আহিছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতিলৈ দিয়া পত্রত তেওঁ বিভিন্ন ৰাজনৈতিক কাৰণত অব্যাহতি বিচৰাৰ কথা উল্লেখ কৰিছে। দুৰ্ভাগ্যজনক ভাৱে এই পদত্যাগ পত্র দিয়াৰ কথা উল্লেখ কৰি তেওঁ পত্রত কৈছে যে বিভিন্ন ৰাজনৈতিক কাৰণত তেওঁ ধেমাজি, উত্তৰ লখিমপুৰ, শোণিতপুৰ আৰু বিশ্বানথ চাৰিআলিকে ধৰি উজনি অসমৰ সাংগঠনিক দায়িত্বৰ পৰা পদত্যাগ কৰিছে। তেওঁৰ এই পদত্যাগ পত্রই প্ৰদেশ কংগ্ৰেছত জোকাৰণিৰ সৃষ্টি কৰিছে। লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জ্যেষ্ঠ নেতা হিচাপে দিয়া দায়িত্বৰ পৰা ৰাণা গোস্বামীয়ে হঠাতে অব্যাহতি বিচৰা কাৰ্যই স্বাভাৱিকতে ৰহস্যৰ সৃষ্টি কৰিছে। ইফালে আজি পুৱাৰ ভাগত যোৰহাটত দলত্যাগৰ প্ৰসংগত সাংবাদিকৰ আগত মত ব্যক্ত কৰিছিল ৰাণা গোস্বামীয়ে। তেওঁ কৈছিল যে কংগ্ৰেছ কোনো বিষয়-বাব তেওঁ ত্যাগ কৰা নাই বা দল ত্যাগৰ কথাও চিন্তা কৰা নাই। বৰ্তমান তেওঁ উজনি অসমৰ দায়িত্বত আছে আৰু দলৰ হৈ তেওঁ কাম কৰি আছে। তেওঁ লগতে কৈছিল যে বৰ্তমান অগপ আৰু বিজেপিৰ মাজত তেওঁক লৈ টনা-আজোঁৰা লাগিছে। এই টনা-আঁজোৰা দেখি তেওঁ উমান পাইছে নিজৰ শক্তিৰ। কিন্তু এনে মন্তব্য কৰাৰ পিছতে তেওঁ উজনি অসমৰ দায়িত্ব ত্যাগ কৰাটোৱে বিশেষ ৰহস্য ঘনীভূত কৰিছে। হয়টো চৰ্চা কৰাৰ দৰেই তেওঁ কংগ্ৰেছ ত্যাগ কৰি বিজেপি নাইবা অগপলৈ গমন কৰিব।


 

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment