অমৃত ভাৰত ষ্টেচন আঁচনিত অন্তৰ্ভুক্ত হ'ল উত্তৰ পূৰ্বাঞ্চলৰ ১৪ টা ষ্টেচন


লখিমপুৰ,২৬ ফেব্ৰুৱাৰীঃ ভাৰতীয় ৰেল মন্ত্ৰালয়ে ভাৰতৰ ৰেল ষ্টেচনৰ উন্নয়নৰ বাবে অমৃত ভাৰত আঁচনিৰ যোগেদি সমগ্ৰ দেশত আজি ৫৫৪টা ৰে'ল ষ্টেচনক অত‍্যাধুনিক সা-সুবিধাৰে নিৰ্মাণ কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অমৃত ভাৰত ষ্টেচন আঁচনি শুভ উদ্বোধন কৰে। এই আঁচনিৰ অধীনত সমগ্ৰ দেশৰ লগতে অসম, ত্ৰিপুৰা, মিজোৰাম আৰু চিকিমৰ মুঠ ১৪টা ষ্টেচনৰ ভাৰ্চুৱেলী পূৰ্ণবিকাশৰ আধাৰশিলা কৰে প্ৰধানমন্ত্ৰী মোডীয়ে। উত্তৰ পূব সীমান্ত ৰেলৱেই জানিবলৈ দিয়া মতে এই আঁচনিখনৰ জৰিয়তে দীৰ্ঘম্যাদী দৃষ্টিভংগীৰে অৱিৰত ভাৱে ষ্টেচন সমূহৰ বিকাশৰ পৰিকল্পনা কৰি অসমৰ হয়বৰগাঁও ষ্টেচনৰ বাবে ৮.৫৪ কোটি টকা, গহপুৰ ষ্টেচনৰ বাবে ৮.৪৯ কোটি টকা, হাৰমতি ষ্টেচনৰ বাবে ৯.৮৪ কোটি টকা, মাজবাট ষ্টেচনৰ বাবে ১২.০৪ কোটি টকা, পাঠশালা ষ্টেচনৰ বাবে ৮.০৩ কোটি টকা, টংলা ষ্টেচনৰ বাবে ১৪.১৪ কোটি টকা, ওদালগুৰি ষ্টেচনৰ বাবে ১৪.৩১ কোটি টকা, বিশ্বনাথ চাৰিআলি ষ্টেচনৰ বাবে ১৪.০৭ কোটি টকা, মুৰকংচেলেক ষ্টেচনৰ বাবে ৭.৬৮ কোটি টকা, নৰ্থ লখিমপুৰ ষ্টেচনৰ বাবে ৭.১২ কোটি টকা, চিলাপথাৰ ষ্টেচনৰ বাবে ৭.৮৮ কোটি টকা, ৰংপো ষ্টেচনৰ বাবে ৩৩৫.০০ কোটি টকা, চাইৰাং ষ্টেচনৰ বাবে ৪০.০০ কোটি টকা আৰু আগৰতলা ষ্টেচন প্ৰকল্পৰ বাবে ৪৮.০০ কোটি টকাৰে ষ্টেচনৰ পূৰ্ণ বিকাশৰ বাবে আজি প্ৰধানমন্ত্ৰীয়ে বুটাম টিপি আধাৰশিলা কৰে। ইয়াৰ ভিতৰত লখিমপুৰ আৰু ধেমাজিৰ চাৰিটা ৰেল ষ্টেচন ক্ৰমে উত্তৰ লখিমপুৰ, হাৰমতি, মুৰকংচেলেক, আৰু চিলাপথাৰ ষ্টেচন অন্তৰ্ভুক্ত হৈছে। আজি এই উপলক্ষে উত্তৰ তিনিচুকীয়া ৰেলৱে ডিভিজনৰ অন্তৰ্গত উত্তৰ লখিমপুৰ ৰেলৱে ষ্টেচনত ৭.১২ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলাৰ বাবে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় উত্তৰ লখিমপুৰ ৰেলৱে ষ্টেচনত। এই অনুষ্ঠানত তিনিচুকীয়া ৰেলৱে সংমণ্ডলৰ এ ডি আৰ এম কে ছিংচঙে জানিবলৈ দিয়া মতে প্ৰতিটো ষ্টেচনত প্ৰয়োজনীয়ৰ প্ৰতি লক্ষ্য ৰাখি মাষ্টাৰ প্লেন প্ৰস্তুত, ষ্টেচনবোৰত সা-সুবিধাবোৰ উন্নত কৰাৰ বাবে পৰ্যায়ক্ৰমে সেইবোৰ ৰূপায়ন কৰাৰ আঁচনি অন্তৰ্ভুক্ত আছে। এই আঁচনি ষ্টেচন ভৱনৰ উন্নয়ন, চহৰৰ দয়োদিশৰ সৈতে ষ্টেচনৰ একত্ৰিকৰণ, দিব্যাংগ জনৰ বাবে সুবিধা, বহণক্ষম আৰু পৰিবেশ অনুকূল সমাধান, বালাষ্টলেছ ট্ৰেকৰ ব্যৱস্থা, প্ৰয়োজন অনুসৰি ৰুফ প্লাজা, ফেজিং আৰু সম্ভাৱনীয়তা, দীৰ্ঘম্যাদী ভিৰ্তিত ষ্টেচনত চিটি চেণ্টাৰ নিৰ্মাণৰ পৰিকল্পনাৰ কথা সদৰি কৰে। আজিৰ অনুষ্ঠানত ৰে'লৱেৰ তিনিচুকীয়া ডিভিজনৰ মুখ্য কল্যান বিষয়া বিতুল বৰা, উত্তৰ লখিমপুৰ ষ্টেচন অধীক্ষক মৃদুল ডেকা, উত্তৰ লখিমপুৰ পৌৰ সভাৰ পৌৰপতি নিবেদিতা দত্ত, উপ পৌৰপতি প্ৰাঞ্জল প্ৰতিম দত্ত, জিলা উন্নয়ন আয়ুক্ত উৎপল বৰা, ৰেলৱেৰ বিষয়া সকল উপস্থিত থাকে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত বিভিন্ন সংস্কৃতিক কাৰ্যক্ৰমৰ আয়োজন কৰাৰ লগতে ছাত্ৰ ছাত্ৰীৰ মাজত ড্ৰয়িং, ৰচনা আৰু তৰ্ক প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। প্ৰতিযোগিতাত লখিমপুৰৰ ৪খন বিদ্যালয়ৰ ২৫০ জনৰো অধিক ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে। প্ৰতিযোগীসকলৰ ভিতৰত ৬০গৰাকী ছাত্র-ছাত্ৰীয়ে পুৰস্কাৰ লাভ কৰে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment