মাৰ্চৰ প্ৰথম সপ্তাহৰ ভিতৰত কংগ্ৰেছে ঘোষণা কৰিব প্ৰাৰ্থী তালিকা : ঘোষণা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ
লখিমপুৰ,২৩ ফেব্ৰুৱাৰীঃ 'আগন্তক লোকসভা নিৰ্বাচনত অসমৰ বিবেকবান ৰাইজে কংগ্ৰেছৰ পক্ষতে ভোটদান কৰিব। বিগত তিনিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ লগত কংগ্ৰেছেই যুঁজ দিছে। বিজেপিৰ বিৰুদ্ধে এইয়া কেৱল কংগ্ৰেছৰ যুজঁ নহয়। এইয়া আশাত বিজেপিক ভোট দিয়া নিষ্পেষিত, বঞ্চিত ৰাইজৰ যুঁজ।' - এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ। আজি লখিমপুৰত জিলা সামাজিক মাধ্যমৰ এখনি সভাত অংশ গ্ৰহণ কৰিবলৈ আহি এনেদৰে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে ভূপেন বৰাই। তেওঁ কয় - 'ৰাজ্যত তৰুণ গগৈ মুখ্যমন্ত্ৰী থকা সময়ছোৱাত বিজেপিয়ে যিদৰে নিৰ্বাচনত ৭খন আসন লাভ কৰিছিল সেই ফলাফলেই কংগ্ৰেছে লাভ কৰিবলৈ গৈ আছে। কংগ্ৰেছ দলে মাৰ্চৰ প্ৰথম সপ্তাহৰ ভিতৰতে দলীয় প্ৰাৰ্থী তালিকা ঘোষণা কৰিব।' তেওঁ বিজেপিৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰি কয় যে দেশত ১১ লাখ কোটি টকা উদ্যোগীৰ ঋণ মাফ কৰা বিজেপি চৰকাৰে ২লাখ কোটি কৃষকৰ ঋণ কিয় মাফ কৰিব নোৱাৰে। যাৰ বাবে ৰাজপথত আন্দোলন কৰি কৃষক মৰিব লগা হৈছে। গোটেই দেশত প্ৰত্যেক দিনে ৩৮ জন কৃষকে আত্মহত্যা কৰে। আনহাতে অসমত কংগ্ৰেছে বিগত ৭০ বছৰত যিমান টকা ঋণ লৈছিল বিজেপিয়ে যোৱা ৭টা বছৰত দুগুণ টকা ঋণ লৈছে বুলি অভিযোগ কৰি উক্ত ঋণৰ টকা ক'ত খৰছ কৰিছে বুলি তেওঁ প্ৰশ্ন কৰে। তেওঁ কয় যে অসমৰ মুখ্যমন্ত্ৰীয়ে দৈনিক গড়ে ৬ লাখ টকা হেলিকপ্টাৰত খৰছ কৰে। একেদৰে বিজ্ঞাপনত খৰছ কৰে ডেৰশ কোটি টকা আৰু মানুহৰ জীৱন ধাৰণৰ বাবে ১২০০ টকা ধাৰ্য কৰা হৈছে। এতিয়া নিৰ্বাচনৰ সময়, ৰাইজৰ মাজত অৰুণোদয়ৰ কথাও ওলাব আৰু বিজেপি আহিলে বিদেশী যাব সেইটো কথাও ওলাব। লগতে ওলাব ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ কথাও। নিৰ্বাচনত গুৱাহাটীৰ কৃত্ৰিম বানপানী, লখিমপুৰৰ বানপানী, গড়াখহনীয়াৰ কথাও ওলাব বুলি তেওঁ কয়। ৰাইজে এই কথাবোৰ বিশ্লেষণ কৰাৰ সুযোগ পাব। কংগ্ৰেছী নেতা বিজেপিলৈ যোৱাৰ প্ৰসংগত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত সভাপতি গৰাকীয়ে কয় যে ১৯৮৩ চনৰ পৰা ১৯৮৯ চনৰ ভিতৰত দৈনিক এজন কংগ্ৰেছী মানুহক হত্যা কৰা হৈছিল। লখিমপুৰত কংগ্ৰেছী লেখন লাহনক হত্যা কৰা হৈছিল। প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ ভাতৃক হত্যা কৰা হৈছিল। তথাপি ১৯৯১ চনত কংগ্ৰেছ ঘূৰি আহিছে। এতিয়াটো এজন দুজন মানুহ বিজেপিলৈ গৈছে। গুপ্তহত্যাৰ বিভীষিকা, চৰাইপুং, লক্ষীপথাৰৰ গণকবৰ উদ্ধাৰৰ পাছত কংগ্ৰেছৰ সংগঠন থকা নাছিল জানো বুলি মন্তব্য কৰি নামি দামী নেতা যোৱাৰ পাছতো কংগ্ৰেছৰ সংগঠন আছে বুলি তেওঁ কয়।

0 Comments:
Post a Comment