তেলেংগানাৰ ৰাজ্যপালৰ পদত্যাগ, লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ জল্পনা-কল্পনা
নিউজ ডেক্স,১৮ মাৰ্চঃ তেলেংগানাৰ ৰাজ্যপাল তামিলিছাই সুন্দৰাজনে সোমবাৰে পুৱা পদত্যাগ কৰে। উল্লেখ্য যে পূৰ্বৰে পৰাই লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি জল্পনা-কল্পনা অব্যাহত থকাৰ মাজতে আজি তেওঁ পদত্যাগ কৰে। জানিব পৰা মতে বিজেপিৰ টিকটত তেওঁ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। গেৰুৱা শিবিৰৰ লগত তেওঁৰ সম্পৰ্ক দীৰ্ঘদিনীয়া। তেলেংগানাৰ ৰাজ্যপাল হোৱাৰ পূৰ্বে তেওঁ তামিলনাডু বিজেপিৰ ৰাজ্যিক সভাপতি আছিল। ৰাজনৈতিক দলসমূহে এখন এখনকৈ প্রার্থীৰ তালিকা প্রকাশ কৰিছে৷ ইফালে সুন্দৰাজনৰ পদত্যাগৰ পিছতে তেওঁ ওচেৰ শিবিৰৰ টিকটত ভোট প্ৰতিদ্বন্দ্বিতা কৰা বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। সূত্ৰ অনুসৰি পাডুচেৰীৰ একমাত্ৰ লোকসভা আসনৰ পৰা সুন্দৰাজনে নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰে। এতিয়া সেই আসন কংগ্ৰেছে দখল কৰিছে। তামিলনাডুৰ পৰাও তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে বুলি তীব্ৰ জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।

0 Comments:
Post a Comment