ভক্তি, সততা,‌ নিষ্ঠাই জীৱনক সমৃদ্ধ কৰে : সৰ্বানন্দ সোণোৱাল



নিউজ ডেক্স,১৯ ফেব্ৰুৱাৰীঃ যুৱশক্তিক দেশৰ মহাশক্তি হিচাপে অভিহিত কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত সক্ৰিয় ভূমিকা ল'বলৈ আহ্বান জনায়। এই যুৱশক্তিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰ আৰু বিকশিত ভাৰতৰ সপোনক ন উদ্যমেৰে আগুৱাই নিব বুলি সোণোৱালে উল্লেখ কৰে। ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰাৰ পূৰ্বে নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰম আজি দৰ্শন কৰি সোণোৱালে সেৱা-প্ৰাৰ্থনা জনায়। নসত্ৰত উপস্থিত হৈয়েই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সুবৰ্ণ কুড়ত নাম-জপ কৰি পৰমগুৰু কৃষ্ণগুৰু ঈশ্বৰক শ্ৰদ্ধা-ভক্তিৰে স্মৰণ কৰে। ইয়াৰ পাছতেই তেখেতে গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভু, ভক্তি মাতৃ কুন্তলা পাটোৱাৰী গোস্বামী আৰু ভকত-বৈষ্ণৱসকলৰ সৈতে বাৰ্তালাপত মিলিত হয়। তেওঁ কয় - 'জীৱনৰ প্ৰতিটো শুভ কামত পৰমগুৰু কৃষ্ণগুৰু ঈশ্বৰৰ আশিসে মোক অনুপ্ৰেৰণা যোগাই আহিছে। পৰমগুৰু কৃষ্ণগুৰু ঈশ্বৰৰ স্মৃতিজড়িত নসত্ৰৰ এই পৱিত্ৰ স্থানলৈ আহিলে প্ৰতিবাৰেই কৰ্মক্ষেত্ৰত ন-উদ্যমেৰে আগুৱাই যাবলৈ মই সাহস আৰু শক্তি লাভ কৰোঁ। কৃষ্ণগুৰু সেৱাশ্ৰমত আজি ভক্তিপ্ৰাণ ৰাইজৰ সান্নিধ্য লভি ধন্য হৈছোঁ। গুৰুৰ আশিস শিৰত লৈ সমাজ, ৰাজ্য তথা দেশক সৰ্বাংগসুন্দৰ কৰাৰ বাবে আমি ন উদ্যমেৰে কাম কৰাৰ সংকল্প লৈছোঁ। তেখেতৰ আদৰ্শ অনুসৰণ কৰি আমি সকলোৱে মানৱীয় প্ৰমূল্যবোধ আৰু সাতামপুৰুষীয়া সমন্বয় সুদৃঢ় কৰাত মনোনিৱেশ কৰোঁ আহক।' তেওঁ লগতে কয় - 'সমন্বয় আৰু ভক্তিচেতনাই সমাজ সুদৃঢ় কৰে। ভক্তি, সততা,‌ নিষ্ঠাই জীৱনক সমৃদ্ধ কৰে। ভক্তিৰ আলোকেৰে উদ্ভাসিত হৈ আমি ন-উদ্যমেৰে ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত আগুৱাই যোৱাৰ শক্তি লাভ কৰিব লাগিব। ভক্তিতেই আছে শক্তি-শান্তি-সম্প্ৰীতি। ভক্তিমাৰ্গে আমাক সুস্থ আৰু যোগাত্মক চিন্তাৰ অধিকাৰী হৈ আগুৱাই যাবলৈ উৎসাহিত কৰে।' প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভক্তিচেতনা আৰু আধ্যাত্মিকতাক জীৱন যাত্ৰাৰ শক্তিশালী অংশ হিচাপে লৈ দেশক সবল কৰাত অগ্ৰণী ভূমিকা লৈ আহিছে বুলি তেওঁ সদৰি কৰে। সুদীৰ্ঘ বাৰ বছৰৰ মূৰত অনুষ্ঠিত কৃষ্ণগুৰু সেৱাশ্ৰমৰ এমহীয়া একনাম অখণ্ড কীৰ্তনতো প্ৰধানমন্ত্রীয়ে ভাৰ্চুৱেলী অংশগ্ৰহণ কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰিছিল আৰু বিশ্ব শান্তিৰ বাবে অনুষ্ঠিত কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তনকে ধৰি সেৱাশ্ৰমৰ বিভিন্ন অনুষ্ঠানে কিদৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশৰ বুকুত আধ্যাত্মিক চেতনা জাগ্ৰত কৰি তুলিছে আৰু প্ৰাচীন ভাৰতীয় জ্ঞান, সেৱা আৰু মানৱতাৰ পৰম্পৰাৰ প্ৰসাৰ কৰিছে, সেই সন্দৰ্ভত মোদীয়ে মনোগ্ৰাহী আলোকপাত কৰিছিল। ভক্তিমাৰ্গৰ পৰা বিচলিত নহৈ একান্তচিত্তে আমি সমাজৰ হকে, দহৰ হকে কাম কৰি যাব লাগিব আৰু মোদীৰ দূৰদৰ্শী দৃষ্টিভংগীক সাৰোগত কৰি ভাৰতবৰ্ষক ২০৪৭ চনৰ ভিতৰত আত্মনিৰ্ভৰ তথা আগশাৰীৰ উন্নত ৰাষ্ট্ৰ হিচাপে বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিব লাগিব। তেওঁ লগতে কয় যে যুৱশক্তি ভাৰতৰ মহাশক্তি। এই যুৱশক্তি শক্তিশালী হ'লেহে দেশ শক্তিশালী হ'ব। বিজেপিৰ দ্বৈত ইঞ্জিন চৰকাৰে যুৱপ্ৰজন্মৰ বাবে বিভিন্ন কল্যাণকামী আঁচনি তথা পদক্ষেপ গ্ৰহণৰ লগতে যুৱশক্তিক দেশৰ উন্নয়নৰ নৱজাগৰণৰ মহাশক্তিলৈ ৰূপান্তৰিত কৰিছে। ২০৪৭ চনৰ অমৃতকালৰ ভিতৰত ভাৰতক বিশ্বৰ বুকুত এখন আত্মনিৰ্ভৰ আৰু আগশাৰীৰ শক্তিশালী দেশ হিচাপে গঢ়ি তোলাৰ দিশত এই যুৱশক্তিয়ে সুদূৰপ্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিব বুলি আমি দৃঢ় বিশ্বাসী বুলি তেওঁ কয়।


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment