লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰে অগপৰ সদৰত অগপ-বিজেপি মুখপাত্ৰৰ যৌথ সভা



গুৱাহাটী,১৯ মাৰ্চঃ সমাগত লোকসভা নিৰ্বাচনৰ বাবে পূৰ্ণপ্ৰস্তুতি অব্যাহত ৰাখিছে মিত্ৰজোঁটৰ দল অগপ, বিজেপি আৰু ইউ পি পি এল দলে। আজি অগপৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত অগপ আৰু বিজেপিৰ মুখপাত্ৰসকলৰ এখন যৌথ সভা অনুষ্ঠিত হয়। সভাখন পৰিচালনা কৰে অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক মনোজ শইকীয়াই। সভাৰ আৰম্ভণিতে দুয়োটা দলৰ মুখপাত্ৰসকলক অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাই শুভেচ্ছা জনোৱাৰ লগতে আগন্তুক লোকসভা নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ হৈ সক্ৰিয়তাৰে সকলো ধৰণৰ প্ৰচাৰ কাৰ্যত জড়িত হ'বলৈ আহ্বান জনায়। আগন্তুক লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সংবাদ মাধ্যমৰ জৰিয়তে জনসাধাৰণৰ সৈতে সম্পৰ্ক অধিক বৃদ্ধি কৰি চৰকাৰৰ বিভিন্ন কাম-কাজৰ খতিয়ান ৰাইজক অৱগত কৰোৱা আৰু এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক জয় নিশ্চিত কৰোৱাত দলীয় মুখপাত্ৰসকলে ল'বলগীয়া কেতবোৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে আজিৰ সভাত আলোচনা কৰা হয়। বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সুদুৰপ্ৰসাৰী নেতৃত্বত ৰাজ্য চৰকাৰে প্ৰৱৰ্তন তথা কাৰ্যকৰী কৰা বিভিন্ন জনহিতৈষী আঁচনিৰ জৰিয়তে ৰাজ্যখনৰ গৰিষ্ঠসংখ্যক লোক  উপকৃত হৈছে। সেয়েহে সমাগত লোকসভাৰ নিৰ্বাচনী প্ৰচাৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন অভিলাষী পদক্ষেপ- আঁচনিসমূহে জনসাধাৰণক দিয়া সকাহৰ বিষয়ে সবিস্তাৰে আলোকপাত কৰাৰ লগতে অন্যান্য জনহিতকৰ বিষয়সমূহো ৰাইজৰ মাজলৈ লৈ যাবলৈ সভাত উপস্থিত দুয়োটা দলৰে মুখপাত্ৰসকলে সিদ্ধান্ত গ্ৰহণ কৰে। আনহাতে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ নীতিৰ ওপৰত অচিৰেই বিজেপি, অগপ আৰু ইউ পি পি এলৰ এখন সন্মিলিত বৈঠক আয়োজন কৰাৰ বাবেও আজিৰ মুখপাত্র সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয়। আজিৰ সভাত বিজেপি অসম প্ৰদেশৰ মুখ্য মুখপাত্ৰ মনোজ বৰুৱা, দেৱান ধ্ৰুৱজ্যোতি মৰলৰ উপৰি আন মুখপাত্ৰসকলৰ লগতে বিজিপিৰ মিডিয়া পেনেলিষ্টসকল, অগপৰ উপ সভাপতি বিষ্ণু দাস, অপূর্ব কুমাৰ ভট্টাচার্য, অগপৰ সাধাৰণ সম্পাদক  সত্যব্ৰত কলিতা বিমলেনদু সিনহা, সুনীল ডেকা, ড০ তপন দাসৰ লগতে অগপৰ আন মুখপাত্ৰসকল  সভাত উপস্থিত থাকে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment