গুৱাহাটী,২০ মাৰ্চঃ লোকসভাত টিকত নাপাই ক্ষোভিত হৈ কংগ্ৰেছ দল ত্যাগ কৰা আব্দুল খালেকে আজি পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰিছে। বুধবাৰে দিল্লীত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক সাক্ষাতৰ পাছতে ক্ষোভিত সাংসদগৰাকীয়ে এই সিদ্ধান্ত লয়। উল্লেখ্য যে শনিবাৰে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিছিল আব্দুল খালেকে। লোকসভাৰ টিকট নোপোৱাৰ বাবেই দলৰ ওপৰত ক্ষোভ উজাৰি কংগ্ৰেছ ত্যাগ কৰিছিল নেতাগৰাকীয়ে। তেওঁৰ সিদ্ধান্ত সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ হাতত অৰ্পণ কৰিছিল পদত্যাগ পত্ৰ। অৱশ্যে বুধবাৰে ছোনিয়া গান্ধীক সাক্ষাতৰ পাছতে তেওঁ পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰে।


0 Comments:
Post a Comment