অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে আই এছ আই এছৰ দুই শীৰ্ষ নেতাক



গুৱাহাটী,২০ মাৰ্চঃ অসমত গ্ৰেপ্তাৰ হ'ল দুৰ্ধৰ্ষ সন্ত্রাসবাদী সংগঠন আই এছ আই এছৰ দুই শীৰ্ষ নেতা। এক কথাত ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল অসম। আই এছ আই এছ ইণ্ডিয়াৰ মুৰব্বী আৰু তেওঁৰ এজন সহযোগীক বুধবাৰে বাংলাদেশৰ সীমান্ত পাৰ হৈ অসমত প্ৰৱেশ কৰাৰ পিছতে ধুবুৰী জিলাত গ্ৰেপ্তাৰ কৰা হয়। সন্ত্রাসবাদী নেতা দুজনক গ্ৰেপ্তাৰ কৰাৰ কথা অসম সদৰি কৰিছে অসম আৰক্ষীয়ে। এক বিবৃতি যোগে অসম আৰক্ষীৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া প্ৰণৱজ্যোতি গোস্বামীয়ে জনাই যে এক গোপন সূত্ৰৰ পম খেদি বিশেষ টাস্ক ফ'ৰ্চে আই এছ আই এছৰ ভাৰতৰ মুৰব্বীজনৰ লগতে তেওঁৰ এজন সহযোগীক ধুবুৰীৰ ধৰ্মশালা অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰিছে। আই এছ আই এছৰ শীৰ্ষ পৰ্যায়ৰ নেতা দুজনক আই জি পি (এছ টি এফ) পাৰ্থ সাৰথি মহন্ত আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক (এছ টি এফ) কল্যাণ পাঠকৰ নেতৃত্বত এছ টি এফৰ এটা দলে অভিযান চলাই ধুবুৰীৰ ধৰ্মশালা অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা নেতা দুজন হৈছে হৰিশ ফাৰুকী ওৰফে হৰিশ আজমল ফাৰুকি আৰু অনুৰাগ সিং ওৰফে ৰেহান। ইয়াৰে হৰিশ ফাৰুকী ওৰফে হৰিশ আজমল ফাৰুকি আই এছ আই এছৰ ভাৰতৰ মুৰব্বী। আনহাতে ধৃত অনুৰাগ সিং ওৰফে ৰেহান ফাৰুকিৰ সহযোগী। উল্লেখ্য যে নিয়াৰ ম'ষ্ট ৱান্টেডৰ তালিকাত আছে দুয়োজন। গ্ৰেপ্তাৰৰ পিছতে সন্ত্ৰাসবাদী নেতাদুজনক গুৱাহাটীৰ এছ টি এফ কাৰ্যালয়লৈ অনা হয়। উল্লেখ্য আই এছ আই এছৰ ভাৰতৰ মুৰব্বীজনৰ সহযোগী অনুৰাগ সিঙৰ ঘৰ পানীপথত। তেওঁ পিছত ইছলাম ধৰ্ম গ্ৰহণ কৰি ৰেহান নাম লৈছিল। আনহাতে তেওঁৰ পত্নী বাংলাদেশৰ নাগৰিক। তেওঁলোক দুয়োজনে ভাৰতত আই এছ আই এছৰ সদস্য ভৰ্তিৰ লগতে সংগঠনৰ বাবে পুঁজি সংগ্ৰহৰ কামত ব্যস্ত আছিল। তেওঁলোকৰ বিৰুদ্ধে নিয়া আৰু লক্ষ্ণৌৰ এ টি এছত কেইবাটাও গোচৰ ৰুজু হৈ আছে। উল্লেখ্য যে গোপন সূত্রৰ ভিত্তিত এছ টি এফৰ দলটো মঙলবাৰে সন্ধিয়া ধুবুৰীলৈ ৰাওনা হৈছিল। তাৰ পিছত আজি অভিযান চলাই দলটোৱে আন্তৰাষ্ট্ৰীয় সীমান্ত পাৰ হোৱাৰ পিছত ধুবুৰীৰ ধৰ্মশালা অঞ্চলৰ পৰা আই এছ আই এছৰ দুই শীৰ্ষ নেতাক গ্ৰেপ্তাৰ কৰে। দুয়োজনক গুৱাহাটীৰ এছ টি এফৰ কাৰ্যালয়লৈ অনাৰ পিছত দুয়োজনৰ পৰিচয় নিৰ্ণয় কৰা হয়। আই এছ আই এছৰ ভাৰতৰ মুৰব্বী হৰিশ ফাৰুকী ওৰফে হৰিশ আজমল ফাৰুকিৰ ঘৰ ডেৰাডুনত। আনহাতে তেওঁৰ সহযোগী অনুৰাগ সিং ওৰফে ৰেহানৰ ঘৰ পানীপথত। দুয়োজনেই আই এছ আই এছৰ দ্বাৰা অতিকৈ অনুপ্ৰাণিত নেতা। তেওঁলোকে ভাৰতত আই এছ আই এছৰ কাৰ্য্যকলাপক আগুৱাই নিয়াৰ লগতে সদস্যভৰ্তি আৰু পুঁজি সংগ্ৰহৰ কামত জড়িত হৈ আছিল। এছ টি এফে অধিক আইনী ব্যৱস্থা গ্ৰহণৰ দুয়োজন অভিযুক্তক নিয়াক গতাই দিব।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment