গুৱাহাটীৰ কালাপাহাৰ ব্লক কংগ্রেছ কমিটীৰ বৃহৎ যোগদান কাৰ্য্যসূচী
গুৱাহাটী,২৪ মাৰ্চঃ গুৱাহাটীৰ কালাপাহাৰ ব্লক কংগ্রেছ কমিটীৰ অন্তৰ্গত সোনাইঘুলিস্থিত ছি চাং ক্লাবত দেওবাৰে কালাপাহাৰ ব্লক কংগ্রেছ কমিটীৰ সভাপতি বিদ্দেশ্বৰ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত অৰ্থ শতাধিক জনজাতীয় যুৱক-যুৱতী, পুৰুষ-মহিলাই কংগ্ৰেছ দলত যোগদান কৰে। সভাত ৫নং গুৱাহাটী লোকসভা নিৰ্বাচনী প্ৰচাৰ সমিতিৰ অধ্যক্ষ গোপাল চন্দ্র শৰ্মাই ভাষণত কয় যে বিজেপি নেতৃতাধীন চৰকাৰখনে গোটেই অৰ্থনৈতিক ব্যৱস্থাটোকে ধ্বংস কৰি পেলাইছে। তেওঁ চৰকাৰখনৰ সকলো ধৰণৰ অন্যায়-অবিচাৰ, দূৰ্নীতি, মূল্যবৃদ্ধি, কৰ-কাতল, নিবনুৱা সমস্যা, মানুহৰ বাক স্বাধীনতা খৰ্ব, মৌলিক অধিকাৰ খৰ্ব কৰা আদি প্ৰসংগ উল্লেখ কৰি কয় যে ৰাইজে এতিয়া এই চৰকাৰখনৰ পৰা পৰিত্রান বিচাৰিছে। তেওঁ সবল নেত্রী তথা সদায় ৰাইজৰ লগত থকা বলিষ্ঠ কন্ঠ মীৰা বৰঠাকুৰ গোস্বামীক জয়যুক্ত কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়। সভাত জেষ্ঠ কংগ্রেছ নেতা জীৱন কুলিৰ উপৰি কেইবাজনো নেতাই বক্তব্য ৰাখে। উল্লেখ্য যে সভাত গুৱাহাটী জিলা মহিলা কংগ্রেছ কমিটীৰ সভানেত্রী অনামিকা স্বৰ্গীয়াৰী, ৰাজ্যিক মহিলা কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদিকা ৰশ্মিৰেখা গগৈ, প্ৰদেশ কংগ্রেছৰ মুখপাত্র হেপি গগৈ, কালাপাহাৰ মহিলা কংগ্রেছ কমিটীৰ সভানেত্রী হিৰামনি পেগু, ২৫ নং ৱাৰ্ড কংগ্রেছ কমিটীৰ সভাপতি দয়ানন্দ পাইটকে ধৰি ভালেসংখ্যক দলীয় কৰ্মকৰ্তা উপস্থিত আছিল।

0 Comments:
Post a Comment