দৰঙৰ ধূলাত আই পি এলৰ জুৱাৰী গ্ৰেপ্তাৰ


নিউজ ডেক্স,২৪ মাৰ্চঃ দৰঙৰ ধূলাত আই পি এল খেলৰ জুৱাৰীক গ্ৰেপ্তাৰ। খেল আৰম্ভ হোৱাৰ লগে লগে জুৱাৰীও ওলাল বজাৰলৈ। দৰঙৰ ধূলাত বৃদ্ধি পাইছে জুৱাৰীৰ সংখ্যা। প্ৰতিদিনে চলিছে আই পি এল জুৱা খেল। গোপন খবৰৰ ভিত্তিত দৰঙৰ ধুলা আৰক্ষীয়ে দুজনকৈ জুৱাৰী আটক কৰিবলৈ সক্ষম হয়। নিশা ধূলা আৰক্ষী থানাৰ উপ পৰিদৰ্শক নিৰঞ্জন দাসৰ নেতৃত্বত আৰক্ষীৰ দল এটাই অভিযান চলাই আটক কৰে জুৱাৰী দুজনক। ধৃত দুই জুৱাৰী হৈছে ধুলা থানাৰ অন্তৰ্গত ২নং ধনশ্ৰীকাষৰ নুৰুল হক আৰু মৌছিটাৰ ৰফিকুল ইছলাম। ধৃত জুৱাৰী দুজনক আজি মঙলদৈ জেল হাজোতলৈ প্ৰেৰণ কৰা হয়।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment