বিজেপিৰ মাৰাথন বৈঠকত দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা সন্দৰ্ভত আলোচনা
নিউজ ডেস্ক,৭ মাৰ্চঃ গেৰুৱা শিবিৰৰ প্ৰথমখন প্রার্থী তালিকাত ইতিমধ্যে প্রকাশ কৰা হৈছে। প্ৰথমখন প্ৰাৰ্থী তালিকাত লোকসভা নিৰ্বাচনৰ পথাৰত সৰ্বভাৰতীয় পৰ্যায়ত তিনিগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীক প্ৰক্ষেপ কৰিছে বিজেপিয়ে। এই মুহূৰ্তত মূল আলোচনা হৈছে দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা। জানিব পৰা মতে গেৰুৱা শিবিৰত বুধবাৰে দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকাৰ বাবে মাৰাথন সভা অনুষ্ঠিত হয়। ৬ ঘণ্টাৰো অধিক সময় ধৰি চলিছিল এই বৈঠক। হাৰিয়ানা, মহাৰাষ্ট্ৰ, ৰাজস্থানকে ধৰি ৮ খন ৰাজ্যৰ বিজেপিৰ মূল সমিতিৰ সৈতে বৈঠক অনুষ্ঠিত হয়। সূত্ৰ অনুসৰি মহাৰাষ্ট্ৰৰ মিত্ৰতাক লৈ দীৰ্ঘদিন ধৰি চৰ্চা চলিছিল। শিৱসেনাৰ সিন্দে গোট আৰু এন চি পিৰ অজিত পাৱাৰ গোটৰ সৈতে আলোচনাত মিলিত হয়। খবৰ অনুসৰি মহাৰাষ্ট্ৰৰ ৪৮খন আসনৰ ভিতৰত ৩২খন আসনত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে, শিৱসেনাৰ সিন্দে গোটৰ বাবে ১২খন আসন আৰু অজিত পাৱাৰৰ এনচিপিৰ বাবে ৪খন আসন বাকী আছে।

0 Comments:
Post a Comment