গাজাত ২০ জন লোকৰ অনাহাৰে মৃত্যু
নিউজ ডেস্ক,৭ মাৰ্চঃ গাজাত পানীৰ অভাৱ আৰু পুষ্টিহীনতাৰ বাবে ২০ জন লোকৰ মৃত্যু। গাজাৰ স্বাস্থ্যকৰ্মীসকলে এই খবৰ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। এই ঘটনাৰ পিছত অঞ্চলটোলৈ অধিক সাহায্য প্ৰেৰণৰ দাবী তীব্ৰতৰ হৈ পৰিছে। গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ৰ মুখপাত্ৰ আশ্ৰাফ আল কুদ্ৰাই কয় যে এই ২০ জন লোকৰ উপৰি বহু সংখ্যক লোক চিকিৎসালয়ত উপস্থিত হোৱাৰ আগতেই অনাহাৰে মৃত্যুমুখত পৰিছে। ইফালে দক্ষিণ আফ্ৰিকাই গাজাত পূৰ্ণাংগ দুৰ্ভিক্ষ ৰোধৰ বাবে আন্তঃৰাষ্ট্ৰীয় সমাজক অধিক কাম কৰিবলৈ আহ্বান জনাইছে। লগতে শীঘ্ৰে যুদ্ধবিৰতিৰ আহ্বান জনায়।ৰাষ্ট্ৰসংঘৰ বিশেষ প্ৰতিবেদক প’লা গাভিৰিয়া বেটানক’ৰ্টে কয় যে গাজাৰ মুঠ জনসংখ্যাৰ পাঁচ শতাংশ ইজৰাইলৰ আক্ৰমণত নিহত আৰু আহত হৈছে। আনহাতে ৭৫ শতাংশতকৈ অধিক লোক স্থানচ্যুত হৈছে।

0 Comments:
Post a Comment