বিজেপি চৰকাৰৰ বিৰুদ্ধে যুঁজ দি যাম : ৰিপুন বৰা


লখিমপুৰ,২৬ মাৰ্চঃ লখিমপুৰত  আজি তৃণমুল কংগ্ৰেছ দলে এক সংবাদমেল সম্বোধন কৰি শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে যুঁজ দি যোৱাৰ সংকল্পৰ কথা দোহাৰে৷ আগন্তুক লোকসভা নিবাৰ্চনৰ বাবে ১২ নং লখিমপুৰ লোকসভা সমষ্টিৰ বাবে দলীয় প্ৰাথীৰ মনোনয়ন দাখিলৰ পিছত তৃণমুল কংগ্ৰেছ দলৰ অসম ৰাজ্যিকৰ সভাপতি ৰিপুন বৰাকে ধৰি ৰাজ্যিক সমিতিয়ে আজি নৰ্থ লক্ষীমপুৰ প্ৰেছ ক্লাবত এক সংবাদ মেল আয়োজন কৰি দলৰ ইস্তাহাৰৰ সলনি এক অংগীকাৰ পত্ৰ উন্মোচন কৰাৰ উপৰি এটা থীম চং আৰু এটা  গীত উন্মোচন কৰি তৃণমূলৰ সভাপতিগৰাকীয়ে আগন্তুক লোকসভা নিবাৰ্চনত ৰাজ্যৰ চাৰিটা সমষ্টিত নিজৰ প্ৰাৰ্থী  থিয় কৰোৱাৰ কথা ঘোষণা কৰে৷ সভাপতি গৰাকীয়ে লখিমপুৰ লোকসভা সমষ্টিত ঘনকান্ত চুতীয়া, বৰপেটাত আব্দুল চালাম আজাদ, কোকৰাঝাৰত গৌৰীশংকৰ শৰণীয়া আৰু শিলচৰত ৰাধেশ্যাম বিশ্বাসক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কথা ঘোষণা কৰে৷ দলৰ ৰাজ্যিক সভাপতি গৰাকীয়ে আজি লখিমপুৰৰ দলীয় প্ৰাৰ্থী ঘনকান্ত চুতীয়াৰ মনোনয়ন দাখিল পৰ্বত উপস্থিত থাকে৷ সভাপতিগৰাকীয়ে ৰাজ্যখনত বিৰোধী দল হিচাপে কংগ্ৰেছ দলৰ দুৰ্বল ভূমিকাত অসমৰ ভোটাৰে বিৰোধীৰ সন্ধানত নামি পৰিছে আৰু সবল প্ৰাৰ্থীক জয়যুক্ত কৰাই  বিৰোধীক শক্তিশালী কৰি তুলিব৷ শাসকীয় বিজেপি চৰকাৰ তথা দলটো শাসনত তিষ্ঠি থাকিবলৈ কেৱল মানুহ কিনাত ব্যস্ত হৈ পৰিছে৷ লাখ লাখ টকাৰ ধাৰ লৈ হিতাধিকাৰী সৃষ্টি কৰি কেৱল ভোট আদায়ৰ বাবে উঠিপৰি লাগিছে যদিও অসমৰ ৰাইজে এতিয়া বুজি উঠিছে আৰু আগন্তুক লোকসভা নিৰ্বাচনত ভোটাৰে স্বৈৰাচাৰ একনায়কত্ববাদ আৰু উগ্ৰ-সাম্প্ৰতিকতাৰ বিৰুদ্ধে ভোটাধিকাৰ সাব্যস্ত কৰিব৷ সভাপতিগৰাকীয়ে সংবাদ মেলত উল্লেখ কৰে যে আগন্তুক নিবাৰ্চনত ৰাজ্যৰ চাৰিটাকৈ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থী কেইগৰাকীয়ে নিজ নিজ সমষ্টিৰ ৰাইজৰ অভাৱ আৰু বিভিন্ন সমস্যাৰ ভিত্তিত ৯টাকৈ পণলৈ ভোটাৰৰ মাজলৈ যোৱাৰ কথা ঘোষণা কৰিছে৷ আজিৰ সংবাদ মেলত তৃণমুল কংগ্ৰেছৰ অসম ৰাজ্যিকৰ সভাপতিগৰাকীৰ উপৰি দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক চন্দন মজুমদাৰ, লক্ষীমপুৰ জিলাৰ সভাপতি লেখন বুঢ়াগোঁহাই, ধেমাজি জিলাৰ সভাপতি বাবুল চুতীয়াকে ধৰি ভালেকেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment