মুখ্যমন্ত্ৰীৰ উপস্থিতিত লখিমপুৰত বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ মনোনয়ন পত্ৰ দাখিল


লখিমপুৰ,২৬ মাৰ্চঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আজি ১২ নং লখিমপুৰ লোকসভা সমষ্টিত মনোনয়ন পত্ৰ দাখিল কৰে বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই। হাজাৰ হাজাৰ দলীয় কৰ্মী-নেতা, সমৰ্থকৰ হৰ্ষ উল্লাসৰ মাজত লখিমপুৰ ত্যাগ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযান চলোৱাৰ লগতে দলীয় সমদলত অংশ গ্ৰহণ কৰি প্ৰদান বৰুৱাৰ লগত মনোনয়ন পত্ৰ দাখিলত সংগ দিয়ে। মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে ত্যাগ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অগপৰ সভাপতি মন্ত্ৰী অতুল বৰা, অশোক সিংঘাল, ডাঃ ৰণোজ পেগু, বিধায়ক নৱ দলে, ভূৱন পেগু, বিধায়ক মানৱ ডেকা আদিকে ধৰি আটাইকেইটা বিধানসভা সমষ্টিৰ বিধায়কৰ উপস্থিতিত ৰাইজক উদ্দেশ্যি বক্তব্য ৰখাৰ লগতে বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাৰ সপক্ষে ভোটদান কৰিবলৈ ৰাইজলৈ আহ্বান জনায়। তেওঁৰ গুৰুত্বপূৰ্ণ মন্তব্য লখিমপুৰ লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱা অভিলেখ সংখ্যক ভোটত জয়লাভ কৰিব৷ তেওঁ কয় যে প্ৰদান বৰুৱা অত্যন্ত জনপ্ৰিয় নেতা৷ নিৰ্বাচনত বৰুৱাৰ উৎসাহ উদ্দীপনা চকুত লগা৷ সেয়ে প্ৰতিকূল বতৰৰ মাজতো ৰাইজৰ পাৰভঙা উৎসাহ৷ এইবাৰো প্ৰদান বৰুৱা অভিলেখ সংখ্যক ভোটত জিকিব৷ তেওঁ কংগ্ৰেছক সমালোচনা কৰি কয় অসমত কংগ্ৰেছ শূন্য হৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ কংগ্ৰেছৰ বহু নেতাই এতিয়াও বিজেপিৰ সৈতে যোগাযোগ কৰি আছে৷ ২০২৫ চনত বিজেপিত ভূপেন বৰাই যোগদান কৰিব৷ এয়া ১০০ শতাংশ নিশ্চিত৷ ২০২৬ চনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মা আৰু ভূপেন বৰা একেলগে পদুমত থাকিব৷ কংগ্ৰেছৰ পৰা টিকত নাপাই ক্ষোভিত হৈ থকা ভৰত নৰহ আৰু ৰাণী নৰহ সন্দৰ্ভত তেওঁ কয় যে তেওঁলোকৰ বৰ্তমান ফোন অফ আছে৷ দুয়োজনে কথা পতা নাই৷ ইফালে ২০২৬ত হিন্দু অঞ্চলত আৰু ২০৩২ত মুছলমান অঞ্চলত কংগ্ৰেছ নাইকিয়া হৈ যাব বুলি ৰাজহুৱা সভাত বক্তব্য প্ৰকাশৰ পাছতেই দিনৰ প্ৰায় ১১ বজাত প্ৰদান বৰুৱাই মুখ্যমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীৰ উপস্থিতিত জিলা নিৰ্বাচনি বিষয়াৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰে৷  আনহাতে আজি লখিমপুৰ লোকসভা সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ঘনকান্ত চুতীয়াই ৰাজ্যিক তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ উপস্থিতিত মনোনয়ন পত্ৰ দাখিল কৰে৷ মনোনয়ন পত্ৰৰ দাখিলৰ বেলিকা ৰিপুন বৰাই বিজেপিৰ স্বৈৰাচাৰিতা আৰু একনায়কত্ববাদৰ যোগ্য প্ৰত্যুত্তৰ ৰাইজে দিব বুলি উল্লেখ কৰে। তৃণমূল কংগ্ৰেছে অসমৰ চাৰিটা সমষ্টিত প্ৰাৰ্থীত্ব দিছে আৰু আটাইকেইটা সমষ্টিতেই বিজেপি প্ৰৱল প্ৰত্যাহ্বানৰ সন্মুখিন হ’ব।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment