চাহ বাগিছাৰ ৯০ শতাংশ মহিলাই পোৱা নাই অৰুনোদয় ধন : অসম চাহ মজদুৰ সংঘৰ অভিযোগ
তিনিচুকীয়া,২৪ মাৰ্চঃ অসম চাহ মজদুৰ সংঘ পুনৰ বিজেপি চৰকাৰৰ চাহ শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে সৰৱ হৈছে। আজি সংঘৰ পানীতোলা শাখাৰ সম্পাদকে এক বিবৃত্তি যোগে কেতবোৰ অভিযোগ উৎথাপন কৰি কয় যে বিজেপি চৰকাৰৰ ভুল পলিচীৰ বাবেই চাহ কোম্পানীৰ মালিক সকলে চাহ উদ্যোগৰ প্ৰতি অনিহা প্রকাশ কৰি চাহ বাগিছা বিলাক বিক্রী কৰি আছে। অতি পুৰণি চাহ কোম্পানী বিলাকে চাহ বাগিছা সমূহ বিক্ৰী কৰি কেৱল মাটিৰ লোভত চাউল বেপাৰী, দাইল বেপাৰী, আলু বেপাৰী, কনী বেপাৰীৰ দৰে কোনো দিনে চাহ বাগিছাৰ লগত জড়িত নথকা ধনবান ব্যক্তিক চাহ বাগিছা চলাবলৈ দিয়াত চাহ শ্রমিক সকল বিভিন্ন সমস্যাত পৰিব লগাত পৰিছে। বিজেপি চৰকাৰে চাহ বাগিছা শেষ কৰা নতুন আইন কৰিছে যে কোনোবাই চাহ বাগিছা কিনিলে ১০ শতাংশ মাটি বেলেগ ব্যৱসায়ত ব্যৱহাৰ কৰিব পাৰিব। যাৰ বাবে চাহ পুলি থকা মাটি উচ্ছেদ কৰি ৰিজৰ্ট, অন্যান্য বিভিন্ন উদ্যোগ ইত্যাদি নির্মান কৰিব, যাৰ বাবে শ্রমিক সকল বাগিছাৰ কামৰ পৰা বঞ্চিত হব, কেৱল ১০ শতাংশ নহয় বিজেপি চৰকাৰৰ ২৫ শতাংশ মাটি উচ্ছেদ কৰাৰ পৰিকল্পনা আছে। যদি এয়ে হয় তেন্তে শ্রমিক সকল যাব ক'ত। বিজেপিয়ে এই সকল শ্রমিকৰ বাবে চিন্তা চর্চ্চা কৰা নাই। বিজেপি চৰকাৰ থাকিলে অসমৰ চাহ উদ্যোগেই শেষ হব বুলি বিবৃতিটোত উল্লেখ কৰা হয়। লগতে উল্লেখ কৰা হয় যে ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়া চাউলৰ ব্যৱস্থা কৰিলে কিন্তু চাহ বাগিছাৰ প্রায় ৩০ শতাংশ শ্রমিকে ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ডৰ লিংক নথকাৰ বাবে বহু শ্রমিকে ৰেচন কার্ড পোৱা নাই বাবে আজিও বিনামূলীয়া চাউলৰ পৰা বঞ্চিত হৈ আছে। চহৰ, গাঁও অঞ্চলৰ মহিলাক অৰুনোদয়ৰ নামত ১২৫০ টকা প্রতি মাহে দি আছে কিন্তু আজিও চাহ বাগিছাৰ ৯০ শতাংশ মহিলাই অৰুনোদয় ধন পোৱাৰ পৰা বঞ্চিত হৈ আছে। বহু সৰু বৰ চাহ বাগিছা বিলাকত আজিও ১৫০ৰ পৰা মানুহ চাই ১৭০ টকা শ্রমিকক হাজিৰা দি আছে। ঘৰ নাই, ৰেচন নাই তথা কোনো সুবিধাই নাই। চৰকাৰী নটিফিকেচন উল্লখ আছে ২৫০ টকা হাজিৰা দিব লাগে। কিন্তু এই বিজেপি চৰকাৰে বৰ্তমানো জাননী জাৰি কৰা নাই ফলত ইমান কম হাজিৰাত চাহ শ্রমিকে কেনেকৈ পৰিয়াল চলাব এই মূল্যবৃদ্ধিৰ দিনত। চৰকাৰে ইয়াৰ ওপৰত কোনো ধৰনৰ পদক্ষেপ লোৱাটো বাদেই তেওঁলোকৰ বাবে সামান্য চিন্তা আজিলৈকে কৰা নাই। এইয়াই কেন্দ্ৰীয় চৰকাৰে আৰু অসমৰ বিজেপি চৰকাৰে অসমৰ চাহ শ্রমিকক যে মাহী আইৰ চকুৰে চাইছে এয়ে জলন্ত উদাহৰন বুলি চোকা সমালোচনা কৰে সংগঠনটোৱে।
.jpeg)
0 Comments:
Post a Comment