শিলসাঁকোৰ উচ্ছেদিতৰ মাজত ৰমেন চন্দ্ৰ বৰঠাকুৰৰ 'বুলড'জাৰৰ ৰাজনীতি' উন্মোচন


গুৱাহাটী,৬ মাৰ্চঃ গুৱাহাটীৰ শিলসাঁকোৰ উচ্ছেদথলীৰ সমীপৰ বৰবাৰীৰ আক্লান ক্লাৱ প্ৰাংগণত আজি বিশিষ্ট নিবন্ধকাৰ ৰমেন চন্দ্ৰ বৰঠাকুৰৰ "বুলড'জাৰৰ ৰাজনীতি" শীৰ্ষক এখন গ্ৰন্থ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। দুই শতাধিক স্থানীয় উচ্ছেদিত লোকৰ উপস্থিতিত গ্ৰন্থখন উন্মোচন কৰে কবি নীলিম কুমাৰ, সাংবাদিক নিতুমণি শইকীয়া, দুলাল বৰা আৰু বিৰিঞ্চি বৰাই। অনুষ্ঠানত অংশ লৈ কবি নীলিম কুমাৰে শিলসাঁকোৰ উচ্ছেদক লৈ তেওঁ লিখা এটা বিশেষ কবিতা আৰু "সেই জন্তুটোৰ নাম কি" শীৰ্ষক তেওঁৰ বহু চৰ্চিত কবিতাটোকে ধৰি প্ৰাসংগিক কেইবাটাও কবিতা পাঠ কৰে। সাংবাদিক নিতুমণি শইকীয়াই ভাষণ প্ৰসংগত কয় যে ৰাজনীতিৰ সৈতে জড়িত হৈয়ো যি দুই চাৰিগৰাকী ব্যক্তিয়ে লেখা কামটো নিষ্ঠা সহকাৰে আগবঢ়াই নিছে, তাৰ ভিতৰত ৰমেন চন্দ্ৰ বৰঠাকুৰ অন্যতম। কিছু ৰাজনৈতিক নেতাই লিখাৰ সমান্তৰালভাৱে যথেষ্ট অধ্যয়নো কৰে আৰু ৰমেন চন্দ্ৰ বৰঠাকুৰ সেই শ্ৰেণীত পৰে বুলিও সাংবাদিকগৰাকীয়ে উল্লেখ কৰে। আন দুগৰাকী উন্মোচক দুলাল বৰা আৰু বিৰিঞ্চি বৰাই "বুলড'জাৰৰ ৰাজনীতি" শীৰ্ষক গ্ৰন্থখন ভৱিষ্যতে বৰ্তমানৰ চৰকাৰখনৰ অবৰ্ণনীয় নিৰ্যাতন-নিপীড়নৰ বিশ্বাসযোগ্য  দলিল হিচাপে চিহ্নিত হ'ব বুলি উল্লেখ কৰে। গ্ৰন্থখনৰ হাজাৰ হাজাৰ কপি সৰ্বসাধাৰণ মানুহৰ হাতলৈ যোৱা উচিত বুলি কোৱাৰ লগতে লেখকৰ সৎ সাহসৰ শলাগ লয়। উল্লেখ্য যে বিগত সময়ছোৱাত ৰমেন চন্দ্ৰ বৰঠাকুৰে অসমৰ কেতবোৰ জলন্ত সমস্যাক লৈ লিখা আৰু কেইবাখনো আগশাৰীৰ জনপ্ৰিয় বাতৰি কাকতত প্ৰকাশিত তথা পঢ়ুৱৈ সমাজৰদ্বাৰা সমাদৃত কেইবাটিও লেখা একত্ৰিত কৰি "বুলড'জাৰৰ ৰাজনীতি" নামেৰে এই গ্ৰন্থখন প্ৰকাশন প্ৰতিষ্ঠান 'বুকবেল'এ প্ৰকাশ কৰি উলিয়াইছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment