বিকাশৰ যাত্ৰা কাৰ্যসূচীৰে লখিমপুৰত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী ৰণডংকা
লখিমপুৰ,৬ মাৰ্চঃ বিকাশ যাত্ৰা কাৰ্যসূচীৰে আজি লখিমপুৰত লোকসভা নিৰ্বাচনৰ ৰণডংকা বজাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী গৰাকীয়ে লখিমপুৰত ৮০৭ কোটি টকাৰ আঁচনিৰ শুভ উদ্বোধনৰ চমক সৃষ্টিৰ লগতে বিভিন্ন আঁচনিৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীয়ে লখিমপুৰ লীলাবাৰী বিমান বন্দৰত আহি নমাৰ পিছতেই প্ৰথমে হেলিকপ্টাৰেৰে উপস্থিত হয়গৈ নাৰায়ণপুৰত। নাৰায়ণপুৰত তেওঁ ১১১ কোটি টকাৰে নিৰ্মাণ হ'ব লগা ১০০ খন বিচনাযুক্ত অসামৰিক চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে। পুনৰ তেওঁ নাৰায়ণপুৰৰ পৰা ঘুৰি আহি লখিমপুৰ নগৰৰ সমীপৰ চুকুলিভৰীয়াত ফিটা কাটি মুকলি কৰে ১৫ কোটি টকাৰে নিৰ্মাণ কৰা সন্মিলন গৃহৰ। চুকুলিভৰীয়াত তেওঁ ভূমি পুজনেৰে শুভাৰম্ভ কৰে ৭০ কোটি টকাৰে নিৰ্মাণ কৰিব লগা পানী যোগান আঁচনি আৰু ২৫ কোটি টকা ব্যয়ৰে নিৰ্মীয়মান অৱস্থাত থকা সভাগৃহৰ। এই ভূমি পুজনৰ পিছতে লখিমপুৰ বাণিজ্য মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত সভাত ভাগ লৈ আধাৰশিলা কৰে অন্যান্য আঁচনি সমূহৰ। হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতিত অনুষ্ঠিত সভাত মুখ্যমন্ত্ৰীয়ে কয় যে ১৪ এপ্ৰিললৈকে চলিব লগা এই বিকাশ যাত্ৰাৰ সময়ত ৰাজ্যত ২৩ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা কৰা হ'ব। তৃতীয় বিকাশ যাত্ৰাৰ ভিতৰত অসমত ১ লাখ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ কাম সম্পন্ন হ'ব বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে লখিমপুৰৰ ৰঙানদী সমষ্টিত কল ষ্টৰেজৰ আধাৰশিলা, লখিমপুৰ-ঢকুৱাখনাত দুটাকৈ আবৰ্ত ভবন উদ্বোধন, ৬৩ কোটি টকীয়া নকাৰীৰ উৰণীয়া সেতুৰ আধাৰশিলা, ৭০ কোটি টকা ব্যয় সাপেক্ষ লখিমপুৰ পানী যোগান আঁচনিৰ আধাৰশিলা, ১০০০ খন আসন যুক্ত নতুন সভাগৃহৰ আধাৰশিলা, লখিমপুৰ মেডিকেল কলেজ চৌহদত বি এছ চি নাৰ্ছিং কলেজৰ আধাৰশিলা, লখিমপুৰ মেডিকেল কলেজৰ ভিতৰত ছুপাৰ স্পেচিয়েলিটি চিকিৎসালয়ৰ আধাৰশিলা আদিৰ কথা ভাষণত উল্লেখ কৰে। ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে বিকাশৰ বিভিন্ন আঁচনিৰে উত্তৰ অসমত নতুন দিগন্তৰ সুচনা হৈছে। আগন্তুক ৮বআৰু ৯ মাৰ্চত অসমলৈ আহিব লগা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাজিৰঙাত এনিশা কটাই কাজিৰঙাৰ সৌন্দৰ্য উপভোগ কৰিব কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে ৯ মাৰ্চত যোৰহাটত ১২০ ফুট উচ্চতাৰে নিৰ্মাণ কৰা লাচিতৰ প্ৰতিমুৰ্তি উন্মোচন কৰিব নৰেন্দ্ৰ মোদীয়ে। তেওঁ আৰু কয় যে অসমত ৯৭ হাজাৰ ল'ৰা ছোৱালীক দুটা বছৰৰ ভিতৰত অসম চৰকাৰে চাকৰি দিছে। আনহাতে সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে কয় - 'জৰা -ফুকা কৰিলে আজমল গ্ৰেপ্তাৰ হ'বই, আমাৰ শব্দত জোৰ আছে।' বিৰোধী দলে প্ৰাৰ্থী দিয়াৰ সন্দৰ্ভত তেওঁ কয় - 'কোন দলে কাক প্ৰাৰ্থীত্ব দিছে সেইয়া আমি গবেষণা কৰা নাই। আমাৰ কথা হ'ল ১১ খন আসনত আমি জিকিব লাগে।' বিৰোধী একতাক লিভিং টুগেদাৰ বুলি আখ্যা দি মুখ্যমন্ত্ৰীয়ে আন্দোলন সন্দৰ্ভত কয় - 'প্ৰকৃত অসমীয়াই প্ৰধানমন্ত্ৰীৰ কাৰ্য্যসূচীৰ দিনা আন্দোলন কৰিব নালাগে। বিশেষকৈ বীৰ লাচিতৰ প্ৰতিমূৰ্তি উন্মোচনৰ দিনা আন্দোলন কৰাৰ যুক্তি নাই। অসমত ২০২৬ চনৰ ভিতৰত বাল্য বিবাহ সম্পূৰ্ণ ৰূপে বন্ধ হ'ব বুলি মুখ্যমন্ত্রীয়ে উল্লেখ কৰে। লখিমপুৰ জিলাৰ নাওবৈছা সমষ্টিৰ উন্নয়ন প্ৰসংগত মুখ্যমন্ত্রীয়ে কয় - 'নাওবৈচা সমষ্টিত ভেঞ্চাৰ এম এল এ আছে কাৰণেই উন্নয়ন হোৱা নাই। এইবাৰ নাওবৈচাত প্ৰাদেশিকৃত এম এল এ হ'ব আৰু উন্নয়ন তৰান্বিত হ'ব। নিৰ্বাচনৰ পিছতে লটাৰী-তীৰ আৰু নকল সোণৰ বিৰুদ্ধে অভিযান তীব্রতৰ হ'ব বুলি মুখ্যমন্ত্রীয়ে কয়।


0 Comments:
Post a Comment