গুৱাহাটী,১০ এপ্ৰিলঃ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্কমূৰ্হুতত কংগ্ৰেছ দলে গ্ৰহণ কৰিলে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অসমৰ দুটা সংবাদ গোষ্ঠীক বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ আহ্বানমৰ্মে এই কথাত সন্মতি প্ৰদান কৰিছে কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বই। কংগ্ৰেছ দলে ইলেক্ট্ৰনিক সংবাদ গোষ্ঠী 'নিউজ লাইভ' আৰু ডিজিটেল সংবাদ গোষ্ঠী ‘টাইম-৮’ক নিষিদ্ধ ঘোষণা কৰি কংগ্ৰেছে এতিয়াৰে পৰা তেওঁলোকে আয়োজন কৰা অনুষ্ঠানলৈ নোযোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেৱল সেয়াই নহয় কংগ্ৰেছৰ সংবাদমেলৰ পৰা আদি কৰি অন্যান্য অনুষ্ঠানতো এই দুটা সংবাদ মাধ্যমৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে। এই সন্দৰ্ভত কংগ্ৰেছ দলে জাৰি কৰিছে প্ৰেছ বিবৃতি। বিবৃতিটোত কোৱা হৈছে যে- 'নিউজ লাইভ আৰু টাইম এইট নামৰ সংবাদ সংস্থা দুটাই বিগত কিছুদিন ধৰি চৰকাৰৰ মুখপাত্ৰ হিচাপে কাম কৰি অহা পৰিলক্ষিত হৈছে। চেনেল দুটাই কংগ্ৰেছ তথা বিৰোধীৰ বিৰুদ্ধে দৃষ্টিকটুভাৱে প্ৰপাগাণ্ডামূলক বাতৰি পৰিৱেশন কৰাও আমি প্ৰত্যক্ষ কৰিছো। সেয়ে অসমৰ তত্বাৱধায়কৰ দায়িত্বত থকা নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সন্মতি সাপেক্ষে আমি বিজেপি চৰকাৰৰ হাতৰ পুতলা হৈ পৰা সংশ্লিষ্ট চেনেল দুটাক বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। এই অনুযায়ী আমাৰ দলৰ কোনো প্ৰতিনিধি নাইবা মুখপাত্ৰই সেই চেনেল দুটাৰ টকশ্ব' নাইবা সাক্ষাৎকাৰ আদি কোনো অনুষ্ঠানত ভাগ নলয় আৰু 'বাইট' প্ৰদান নকৰে। লগতে আমাৰ বিভিন্ন কাৰ্যসূচী বা সংবাদমেলতো উক্ত চেনেল দুটাৰ সাংবাদিকক আমন্ত্ৰণ জনোৱা নহয়।' বিবৃত্তিটোত কোৱা হয় যে এই দুটা সংবাদমাধ্যমে গণতন্ত্ৰ চতুৰ্থ স্তম্ভৰ দায়িত্ব পালন কৰা নাই। বহু সময়ত দলটোৰ বক্তব্য আৰু স্থিতিক ভুলকৈ পৰিৱেশন কৰাৰ বাবেই কংগ্ৰেছে অৱশেষত এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি সদৰি কৰিছে। উল্লেখ্য যে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নেত্ৰী তথা অসমৰ কমিউনিকেশ্যন কো-অৰ্ডিনেটৰৰ দায়িত্বত থকা মহিমা সিঙে এই কথা বিবৃত্তি যোগে জনাইছে।
নিৰ্বাচনৰ প্ৰাকক্ষণত দুটাকৈ সংবাদ গোষ্ঠীক বৰ্জন কৰিলে কংগ্ৰেছ দলে

0 Comments:
Post a Comment