৪০ লাখ আত্মসহায়ক গোটৰ মহিলাই শপত পাঠ কৰি গঢ়িলে ‘ইণ্ডিয়া বুক অব ৰেকৰ্ডছ'




গুৱাহাটী,১০ এপ্ৰিলঃ এশ শতাংশ ভোটদান সুনিশ্চিত কৰাৰ লক্ষ্যৰে অসমে গঢ়িলে অভিলেখ। ভোটদানৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰি দেশৰ গণতান্ত্ৰিক ব্যৱস্থা অধিক শক্তিশালী কৰাৰ অৰ্থে লোকসভা নিৰ্বাচনত এশ শতাংশ ভোটদান সুনিশ্চিত কৰাৰ উদ্দেশ্যে SVEEPৰ অন্তৰ্গত প্ৰায় ৪০ লাখ আত্মসহায়ক গোটৰ মহিলাই আজি শপত পাঠ কৰি ‘ইণ্ডিয়া বুক অব ৰেকৰ্ডছ' গঢ়িবলৈ সক্ষম হয়। অসমৰ মুখ্য নির্বাচনী বিষয়াৰ উদ্যোগত SVEEPৰ অন্তৰ্গত অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযান আৰু অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানে সফলভাৱে সম্পন্ন কৰে এই বৃহৎ শপত পাঠ কার্যসূচী। এই কাৰ্যসূচী পৰীক্ষাৰ পাছত ‘দ্য ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ'ৰ বিষয়া নাৰবিজয় যাদৱে অসমৰ মুখ্য নির্বাচনী বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত এক সভাত অভিলেখ স্থাপনৰ আনুষ্ঠানিক ঘোষণা কৰে আৰু মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলক অভিলেখ স্থাপনৰ বাবে প্ৰমাণপত্ৰ প্ৰদান কৰে৷ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ৰাজ্যিক মিছন সঞ্চালক মছন্দা পার্টিন, যুটীয়া নির্বাচনী বিষয়া পংকজ চক্ৰৱৰ্তী আৰু এমিলি বৰুৱা উপস্থিত থকা এই সভাত অসমৰ মুখ্য নির্বাচনী বিষয়াগৰাকীৰ উদ্যোগত অনুষ্ঠিত এই বৃহৎ কাৰ্যসূচীৰ বাবে মুখ্য নিৰ্বাচনী বিষয়াগৰাকীক শুভেচ্ছা জ্ঞাপন কৰে। আনহাতে ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান তথা অসম ৰাজ্যিক নগৰীয় জীৱিকা অভিযানৰ সকলো অংশগ্ৰহণকাৰীক ধন্যবাদ জ্ঞাপন কৰা হয়। উল্লেখ্য যে ৰাজ্যখনৰ সকলো ভোটাৰৰে আগন্তুক লোকসভা নির্বাচনত অংশ গ্রহণ সুনিশ্চিত কৰাৰ অৰ্থে ৰাজ্যিক গ্রামীণ জীৱিকা অভিযান আৰু ৰাজ্যিক নগৰীয় জীৱিকা অভিযানে গাঁও পঞ্চায়ত, ব্লক পর্যায়ত ‘সাৰথি বাইদেউ' নামেৰে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তেওঁলোকৰ কাৰ্যসূচী জোৰদাৰ কৰি তুলিছে। আজিৰ অভিলেখ স্থাপনৰ আনুষ্ঠানিক ঘোষণা সভাত অসম ৰাজ্যিক নগৰীয় জীৱিকা অভিযানৰ প্ৰকল্প প্ৰৱন্ধক কিশলয় দাস, দেৱাশীষ কুমাৰ বৰুৱা আৰু ৰেকিব আহমেদ তথা অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ মুখ্য কাৰ্যকৰী বিষয়া ড০ হিমাদ্ৰী কোঁচ আৰু ৰাজ্যিক প্ৰকল্প প্ৰৱন্ধক ৰ'জি কে বৰুৱাকে ধৰি কেইবাজনো বিষয়া উপস্থিত আছিল। উল্লেখ্য যে অসমত তিনিটা পৰ্যায়ত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment