তামিলনাডুত চিকিৎসা বিজ্ঞানৰ গুৰুত্বপূৰ্ণ বক্তৃতানুষ্ঠানত অসমৰ বিশিষ্ট শল্য চিকিৎসক ডাঃ সুভাষ খান্না
গুৱাহাটী,৯ এপ্ৰিলঃ তামিলনাডুৰ ডাঃ এম জি আৰ মেডিকেল ইউনিভাৰ্ছিটিত 'ৰ'বটিকছ এণ্ড আর্টিফিচিয়েল ইন্টেলিজেন্স ইন মেডিচিন' বিষয়ত প্রখ্যাত ডাঃ এ ছনমুগাসুন্দম বক্তৃতা প্ৰদান কৰে গুৱাহাটীৰ স্বাগত সুপাৰস্পেচিয়েলিটি হাস্পতালৰ চি এম অ' অধ্যাপক ডাঃ সুভাষ খান্নাই। বিশিষ্ট বক্তা হিচাপে তেওঁ এই বক্তৃতা প্ৰদান কৰে। নিজৰ ভাষণত ডাঃ খান্নাই চিকিৎসা প্ৰযুক্তিৰ শেহতীয়া উদ্ভাৱনক লৈ ৰ'বটিক ছাৰ্জাৰীৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ প্ৰসংগত বক্তব্য আগবঢ়ায়। এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল বিশ্ববিদ্যালয়খনৰ চিলভাৰ জুবলী অ'ডিটৰিয়ামত। অনুষ্ঠানত ৮ শতাধিক শিক্ষার্থীৰ লগতে অংশগ্ৰহণ কৰে চিকিৎসা বিশেষজ্ঞ আৰু আগ্রহী দর্শকসকলে। উদ্ভাবনীমূলক অস্ত্ৰোপচাৰৰ কৌশল জ্ঞানেৰে সমৃদ্ধ ডাঃ খান্নাই উপস্থিত লোকসকলক ৰ’বটিক ছাৰ্জাৰী সন্দৰ্ভত বিভিন্ন তথ্য অৱগত কৰাৰ লগতে স্বাস্থ্য সেৱাৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়টো আলোকপাত কৰে। অনুষ্ঠানত আদৰ্শী ভাষণ পাঠ কৰে বিশ্ববিদ্যালয়ৰ ৰেজিষ্টাৰ ডাঃ পি অৰুমুগামে। ইয়াৰ পিছতেই সভাপতিৰ ভাষণ পাঠ কৰে ডাঃ কে নাৰায়নাস্বামীয়ে। অধ্যাপক ডাঃ খান্নাৰ বক্তব্যত চিকিৎসা আৰু প্ৰযুক্তিৰ সংযোগৰ ক্ষেত্ৰত বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰা হয়। বক্তব্যৰ শেষত লাগৰ শৰাই আগবঢ়ায় বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ ডীন ডাঃ আৰ সুধাই। এই অনুষ্ঠানত অংশগ্রহণ কৰে তামিলনাডুৰ বিৰুপানন্দ ৰেৰিয়াৰ ইঞ্জিনীয়াৰিং কলেজৰ অধ্যক্ষ ডাঃ এ নাগাঞ্জন, এ ভি গ্রুপ অব ইনষ্টিটিউচনৰ মুৰব্বী তথা চি আই আৰ ডাঃ এন লক্ষ্মীমোহন আৰু বিনায়ক মিছাৰ ন্যাসৰক্ষীসকলে। এই অনুষ্ঠানত অধ্যাপক খান্নাৰ সৈতে মঞ্চত উপস্থিত আছিল পুডুচেৰীৰ এ ভি মেডিকেল কলেজ এণ্ড হাস্পতালৰ ডীন অধ্যাপক ৰাকেশ ছেহগল, টি এন এম জি আৰ এম ইউৰ ৰেজিষ্টাৰ আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল।তামিলনাডু ডাঃ এম জি আৰু মেডিকেল ইউনিভাৰ্ছিটি চমুকৈ টি এন এম জি আৰ এম ইউ নামেৰে পৰিচিত আৰু ভাৰতৰ দ্বিতীয় বৃহৎ চিকিৎসা বিজ্ঞানৰ বিশ্ববিদ্যালয়। তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্রী এম জি ৰামচন্দ্রন (এম জি আৰ)ৰ নামৰ প্ৰতিষ্ঠিত টি এন এম জি আৰ এম ইউ অধীনত আছে ৫৯ খন চিকিৎসা মহাবিদ্যালয়। উক্ত বক্তৃতানুষ্ঠানত ডাঃ এ স্থনমুগসুলমৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অর্পণ কৰা হয়। এগৰাকী দানী ব্যক্তি হিচাপে পৰিচিত হোৱাৰ লগতে তেওঁ ১৯৮১ চনত হিন্দুৰণা কিৰুপানাগুপ্তা ৱেৰিয়াৰ থাভিকি সুন্দাস্বামীগাল মেডিকেল এডুকেচনেল এক চেৰিটেবল ট্রাষ্ট আৰু বিনায়ক মিছন ছুপাৰ স্পেচিয়েলিটি হাস্পতাল স্থাপন কৰিছিল। দৰিদ্ৰ শ্ৰেণীৰ লোকক ব্যয়সাধ্য মূল্যত চিকিৎসা সেৱা প্ৰদানৰ বাবে তেওঁ এই পদক্ষেপ গ্ৰহণ কৰিছিল। তেওঁ হৈছে বিনায়ক মিছন ড্ৰিমড ইউনিভাৰ্ছিটিৰ প্রতিষ্ঠাপক অধ্যক্ষ। ডাঃ এ মুগসুন্দৰমৰ নামত এই শিক্ষা প্রতিষ্ঠানত এখন আসনৰো ব্যৱস্থা কৰা হৈছে। চিকিৎসা বিজ্ঞানৰ শিক্ষা আৰু প্রয়োগৰ ক্ষেত্ৰত উদ্ভাবনীমূলক পদক্ষেপ গ্ৰহণ কৰি অহা বিশ্ববিদ্যালয়খনৰ বাবে এই বক্তৃতানুষ্ঠান বিশেষভাবে গুৰুত্বপূর্ণ আছিল। অংশগ্ৰণকাৰীসকলে এই অনুষ্ঠানৰ জৰিয়তে চিকিৎসা বিজ্ঞানৰ ভৱিষ্যৎ সলনি কৰিব পৰা ৰ'বটিকছ আৰু কৃত্রিম বুদ্ধিমত্তা সন্দৰ্ভত বিস্তৃত জ্ঞান লাভ কৰে।


0 Comments:
Post a Comment