দুদিনীয়া কাৰ্যসূচীৰে কাইলৈ অসমলৈ আহিব পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান


গুৱাহাটী,১১ এপ্ৰিলঃ প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ কাইলৈ অসমত উপস্থিত হ'ব পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান। দুদিনীয়া কাৰ্যসূচীৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব পঞ্জাবৰ আম আদমী পাৰ্টিৰ চৰকাৰৰ মুখ্যমন্ত্ৰী গৰাকী। আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ প্ৰচাৰৰ বাবে তিনিচুকীয়া জিলাৰ টিংৰাইত নিৰ্বাচনী সমাবেশত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী মানে। দুপৰীয়া ১ বজাত টিংৰাইৰ বঙালী বালিজানত অনুষ্ঠিত হ'ব নিৰ্বাচনী সমাবেশ। দ্বিতীয় দিনা অৰ্থাৎ ১৩ এপ্ৰিলত বিশ্বনাথ চাৰিআলিত ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ভগৱন্ত মানে। দিনৰ ১২ বজাত অনুষ্ঠিত হ'ব ৰোড শ্ব' কাৰ্যসূচী। দলৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ নিৰ্বাচনী প্ৰচাৰৰ হকে অনুষ্ঠিত হ'বলগীয়া ৰোড শ্ব' কাৰ্যসূচী মুকলি কৰিব পঞ্জাৱৰ মুখ্যমন্ত্ৰী গৰাকীয়ে। ১৩ তাৰিখ শনিবাৰে সামৰণি পৰিব মুখ্যমন্ত্ৰী মানৰ দুদিনীয়া ভ্ৰমণসূচী। মুখ্যমন্ত্ৰী মানৰ এই দুদিনীয়া ভ্ৰমণসূচীৰ বিষয়ে সংবাদ মাধ্যমক অৱগত কৰে আপৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই। উল্লেখ্য যে আপৰ ৰাষ্ট্ৰীয় নেত্ৰী তথা দিল্লীৰ শিক্ষামন্ত্ৰী আতিশীৰ তিনিদিনীয়া ভ্ৰমণসূচী তথা নিৰ্বাচনী প্ৰচাৰে অসমবাসীৰ পৰা ব্যাপক সঁহাৰি লাভৰ পাছতে অসমলৈ আহি আছে পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment