অসমতো দিল্লী আৰু পঞ্জাবৰ দৰে চৰকাৰী স্কুল-মহল্লা ক্লিনিকৰ পোষকতা পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ



নিউজ ডেক্স,১২ এপ্ৰিলঃ 'অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পূৰ্বে কংগ্ৰেছ চৰকাৰৰ আমোলত শিক্ষা আৰু স্বাস্থ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেতিয়া তেওঁ ইচ্ছা কৰিলে ৰাজ্যৰ শিক্ষা আৰু স্বাস্থ্য খণ্ডৰ যথেষ্ট পৰিবৰ্তন কৰিব পাৰিলেহেঁতেন। কিন্তু সেয়া নকৰিলে। এতিয়া মুখ্যমন্ত্ৰী হৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ৰাজ্যৰ ৮ হাজাৰ চৰকাৰী স্কুল বন্ধ কৰিছে।' - এই মন্তব্য পাঞ্জাৱৰ মুখ্যমন্ত্রী ভগৱন্ত  মানৰ। আজি তিনিচুকীয়া জিলাৰ টিংৰাই বাঙালী বালিজান খেলপথাৰত অনুষ্ঠিত আম আদমী পাৰ্টিৰ বিশাল নিৰ্বাচনী সমাবেশত অংশ গ্ৰহণ কৰি এই অভিযোগ উত্থাপন কৰে পঞ্জাবৰ মুখ্যমন্ত্ৰী তথা আপৰ ৰাষ্ট্ৰীয় নেতা ভগৱন্ত  মানে। আপৰ নেতাগৰাকীয়ে কয়-' ৰাজ্যৰ চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী নথকাৰ অজুহাতত স্কুল বন্ধ কৰা হৈছে। আনহাতে অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয় স্থাপন কৰি ব্যৱসায় আৰম্ভ কৰিছে। যি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয় স্থাপন কৰে, তাত চৰকাৰী বিদ্যালয় বন্ধ হ'বই।' এনেদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনাৰে থকা সৰকা কৰে পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে। তেওঁ দিল্লী আৰু পঞ্জাৱৰ চৰকাৰী স্কুল আৰু মহল্লা ক্লিনিকৰ বিষয়েও উল্লেখ কৰে। তেওঁ কয় যে দিল্লীত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শাসনভাৰ লোৱাৰ সময়ত আৰু পঞ্জাৱত ভগৱন্ত মানে চৰকাৰ গঠনৰ সময়ত সেই দুয়োখন ৰাজ্যৰ চৰকাৰী স্কুল আৰু হাস্পতালৰ অৱস্থাও অসমৰ দৰে আছিল। কিন্তু আপৰ চৰকাৰে তাৰ পৰিৱৰ্তন সাধন কৰিলে। আনহাতে অসমৰ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে গেৰাণ্টি দিয়ে যে নিৰ্বাচনত জয় লাভ কৰি আপে ক্ষমতা লাভ কৰিলে অসমৰ চাহ শ্ৰমিকৰ মজুৰি ৪৫০ টকালৈ বৃদ্ধি কৰিব। তদুপৰি চাহ বাগিছাৰ লোকসকলৰ মাটিৰ পট্টা প্ৰদানৰ গেৰাণ্টিও দিয়ে। আদিবাসী সকলৰ বাবে পানী, বনাঞ্চল আৰু মাটিৰ অধিকাৰৰ প্ৰসংগ উত্থাপন কৰি মাটিৰ পট্টাৰ সমস্যা সমাধানৰ আশ্বাস দিয়ে। সমাবেশত ভাষণ দি বিজেপি তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বৰ এন ডি এ চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে সৰৱ হয় পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান। তেওঁৰ অভিযোগ যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰি আম আদমী পাৰ্টিক নিঃশেষ কৰিব বিচাৰিছে। কিন্তু তেওঁলোকে নাজানে যে অৰবিন্দ কেজৰিৱাল এটা আদৰ্শ, বিচাৰধাৰা। ইয়াক শেষ কৰিব নোৱাৰি। এজন কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছে। দেশৰ বিভিন্ন প্ৰান্তত অগণন কেজৰিৱাল ওলাই আহিছে। আনহাতে নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে দিয়া ভুৱা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধেও কেন্দ্ৰীয় চৰকাৰক কটাক্ষ কৰে নেতাগৰাকীয়ে। বিদেশী বেংকত জমা থকা ক'লা ধনৰ প্ৰসংগতো সৰৱ হয় মুখ্যমন্ত্ৰী মান। প্ৰধানমন্ত্ৰী মোদীয়ে বিদেশী বেংকৰ পৰা ক'লা ধন ঘূৰাই আনি প্ৰতিজন ভাৰতীয়ৰ একাউন্টত ১৫ লাখকৈ টকা দিব বুলি যি ভুৱা প্ৰতিশ্ৰুতি দিছিল সেয়া "ঝুমলা" বুলি উল্লেখ কৰে মানে । এনেদৰে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সমালোচনাত মুখৰ হয় আপৰ শীৰ্ষ নেতাগৰাকী। সমাবেশত আপৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰক হাতত ধৰি মানে ৰাইজক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ কয়। সমাবেশত আপৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ জেছমিন শ্বাহৰ উপস্থিতিত প্ৰাৰ্থী মনোজ ধানোৱাৰ, আম আদমী পাৰ্টিৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা, ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী, মুখপাত্ৰ গুৰপ্ৰীত সিং উপ্পল আৰু অনুৰূপা ডেকাৰজা আৰু মামুন ইমদাদুল হক চৌধুৰীয়েও ভাষণ দিয়ে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment