গুৱাহাটী,১৯ এপ্ৰিলঃ ৰাজ্যত পাঁচটা লোকসভা সমষ্টিত আজি পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। ইতিমধ্যে নিজৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰাৰ বাবে স্বতস্ফূৰ্তভাৱে ওলাই আহিছে ভোটাৰ। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুঠ ৩৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মুঠ ৩৮ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল যদিও দুজন প্ৰাৰ্থীৰ মনোনয়ন বাতিল হৈছিল। আনহাতে এজনে মনোনয়ন প্ৰত্যাহাৰ কৰিছিল। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ৩৫ গৰাকী প্ৰাৰ্থীৰ আজি ভাগ্য নিৰ্ণয় হ'ব।
কোন সমষ্টিত কোন প্ৰাৰ্থী :
কাজিৰঙা লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ১১ গৰাকী প্ৰাৰ্থীয়ে :
* বিজেপিৰ কামাখ্যা প্রসাদ তাছা
* কংগ্ৰেছৰ ৰ'জলীনা তির্কী
* ভোটাৰ্ছ পার্টি ইণ্টাৰনেচনেলৰ অনিমা ডেকা গুপ্তা
* অসম জনমৰ্চাৰ চেলিম আহমেদ
* ৰিপাব্লিকান পার্টি অব ইণ্ডিয়াৰ (আঠাৱালে) ছালেহ আহমেদ মজুমদাৰ
* ভাৰতীয় গণ পৰিষদৰ শৈলেন চন্দ্ৰ মালাকাৰ
* নিৰ্দলীয় আব্দুল হক
* নির্দলীয় জ্যোতিষ্ক ৰঞ্জন গোস্বামী
* নির্দলীয় নিদীৱ জ্যোতি ভূঞা
* নির্দলীয় দিলোৱাৰ বেগম চৌধুৰী
* নিৰ্দলীয় বিনোদ গগৈ
শোণিতপুৰ লোকসভা সমষ্টিত অৱতীৰ্ণ ৮ গৰাকী প্ৰাৰ্থী :
* কংগ্ৰেছৰ প্ৰেমলাল গঞ্জু
* বিজেপিৰ ৰঞ্জিত দত্ত
* আম আদমী পাৰ্টিৰ ঋষিৰাজ কৌণ্ডিন্য
* বি পি এফৰ ৰাজু দেউৰী
* বহুজন মহাপাৰ্টিৰ আলম আলী
* ভোটাৰ্ছ পার্টি ইন্টাৰনেচনেলৰ ৰামেশ্বৰ স্বৰ্গীয়াৰী
* গণ সুৰক্ষা পাৰ্টিৰ ৰিংকু ৰয়
* নিৰ্দলীয় প্ৰদীপ ভাণ্ডাৰী
লখিমপুৰ লোকসভা সমষ্টিত অৱতীৰ্ণ ৯ গৰাকী প্ৰাৰ্থী :
* কংগ্ৰেছৰ উদয় শংকৰ হাজৰিকা
* বিজেপিৰ প্ৰদান বৰুৱা
* অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছৰ ঘন কান্ত চুতীয়া
* কমিউনিষ্ট পার্টি অব ইণ্ডিয়াৰ ধীৰেণ কছাৰী
* ছ'চিয়েলিষ্ট ইউনিটি চেন্টাৰ অব ইণ্ডিয়াৰ (কমিউনিষ্ট) পল্লৱ পেগু
* ভোটাৰ্ছ পার্টি ইন্টাৰনেচনেল বীৰেণ বাইলুং
* নিৰ্দলীয় গোবিন বিশ্বকর্মা
* নির্দলীয় দেৱ নাথ পাইট
* নিৰ্দলীয় বিক্ৰম ৰামচিয়াৰী
ডিব্ৰুগড় লোকসভা সমষ্টিত ৩ গৰাকী প্ৰাৰ্থীয়ে আগবঢ়াইছে প্রতিদ্বন্দ্বিতা
* বিজেপিৰ সৰ্বানন্দ সোণোৱাল
* অসম জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈ
* আম আদমী পার্টিৰ মনোজ ধানোৱাৰ
যোৰহাট লোকসভা সমষ্টিত অৱতীৰ্ণ ৪ গৰাকী প্ৰাৰ্থী :
* কংগ্ৰেছৰ গৌৰৱ গগৈ
* বিজেপিৰ তপন কুমাৰ গগৈ
* একম সনাতন ভাৰত দলৰ অৰুণ চন্দ্ৰ সন্দিকৈ
* নিৰ্দলীয় ৰাজ কুমাৰ দুৱৰা

0 Comments:
Post a Comment