বকলীয়াঘাটৰ উদালিত ৰিববৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনৰ পঞ্চম বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি


হাওৰাঘাট,১৯ এপ্ৰিলঃ কাৰ্বি আংলং জিলাৰ অন্তৰ্গত বৃহত্তৰ চূণপোৰা অঞ্চলত থকা থলুৱা জাতি-জনগোষ্ঠীৰ সমূহৰ মাজত কৃষ্টিৰ সমাহাৰ ঘটাই মহান সংস্কৃতিৰ পথাৰত ভাতৃত্ববোধ, স্নেহৰ বান্ধোন, একতাৰ এনাজৰীৰে ঐক্য, শান্তি আৰু প্ৰগতিৰ লক্ষ্যৰে ৰিববৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনৰ পঞ্চম বাৰ্ষিক অধিৱেশনখনি বিগত বৰ্ষৰ দৰে এইবাৰো অহা ৬ মে'ত এদিনীয়া বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে বকলীয়াঘাটৰ সমীপৰ ১ নং উদালি যুৱ সংঘৰ প্ৰাংগণত অনুষ্ঠিত কৰা হ'ব। ৰিববৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক থানুৰাম নাথে সংবাদ মাধ্যমক জনোৱা অনুসৰি ৰিববৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনৰ পঞ্চম বাৰ্ষিক অধিৱেশনখনি পৰিচালনা কৰাৰ বাবে প্ৰসেন ৰাজবংশীক সভাপতি, চক্ৰধৰ কলিতাক উপ-সভাপতি আৰু অপূৰ্ব দাসক সাধাৰণ সম্পাদক হিচাপে লৈ ২১ জনীয়া সদস্য-সদস্যাৰে ৰিববৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনৰ পঞ্চম বাৰ্ষিক অধিৱেশনখনৰ পৰিচালনা সমিতিখন সৰ্বসন্মতিক্ৰমে গঠন কৰা হৈছে। সেয়েহে এই পঞ্চম বাৰ্ষিক অধিৱেশনখন সকলো ফালৰ পৰা সাফল্যমণ্ডিত কৰি তুলিবলৈ সকলোৰে সহায় সহযোগিতাৰ কামনা কৰিছে ৰিববৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক থানুৰাম নাথে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment