লখিমপুৰ উত্তৰ নকাৰী ভোট কেন্দ্ৰত কংগ্ৰেছৰ প্ৰাক্তন বিধায়কৰ সৈতে মহিলাৰ সংঘাত
লখিমপুৰ,১৯ এপ্ৰিলঃ লখিমপুৰত কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোহাঁইৰ সৈতে মহিলাৰ সংঘাতক লৈ আজি উত্তৰ নকাৰী ভোট কেন্দ্ৰত এক উত্তেজনামূলক পৰিস্থিতিৰ সৃষ্টি হয়৷ ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে লখিমপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত উত্তৰ নকাৰী ভোটগ্ৰহন কেন্দ্ৰত প্ৰাক্তন বিধায়কগৰাকীয়ে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহি একাংশ মহিলাক ধমক দিয়াক কেন্দ্ৰ কৰিয়েই এই পৰিস্থিতিৰ সৃষ্টি হয়। ইয়াৰ পিচতেই মহিলাসকল উত্তেজিত হৈ প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোঁহাইৰ সৈতে বাকবিতণ্ডাত লিপ্ত হয়৷ এই সন্দৰ্ভত মহিলাসকলৰ অভিযোগ যে প্ৰাক্তন বিধায়ক গৰাকীয়ে 'তঁহতে বিজেপিৰ পক্ষত কিয় থিয় দিছ, বিজেপিৰ পৰা কি পাইছ' আদি নানান প্ৰশ্নৰে ব্যতিব্যস্ত কৰে। ইয়াতে মহিলাসকল জাঙুৰ খাই উঠি প্ৰাক্তন বিধায়কগৰাকীক প্ৰতি আক্ৰমণৰ বাবে উদ্যত হয়। পৰৱৰ্তী সময়ত আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে।

0 Comments:
Post a Comment