গুৱাহাটী,২০ এপ্ৰিলঃ শনিবাৰে ঘোষণা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। ১০.৩০ বজাত ছেবা কৰ্তৃপক্ষই মুকলি কৰি দিয়া ১০টা ৱেবচাইটত উপলব্ধ কৰা হৈছে ফলাফল। ইতিমধ্যে শীৰ্ষ স্থান দখল কৰা প্ৰথম ৫ জনৰ নাম ঘোষণা কৰিছে ছেবাই। ১৬ ফেব্ৰুৱাৰীৰ পৰা ৪ মাৰ্চলৈ অনুষ্ঠিত হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা। এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা ৪,১৯,০৭৮ গৰাকী শিক্ষাৰ্থীৰ ৩,১৭,৩১৭গৰাকী উত্তীৰ্ণ হয়। ইয়াৰ ভিতৰত ছাত্ৰৰ সংখ্যা ১,৮৭,৯০৪ গৰাকী, ছাত্ৰীৰ সংখ্যা ২,৩১,১৬৪ গৰাকী আৰু তৃতীয় লিংগৰ আছিল ১০গৰাকী। উত্তীৰ্ণ হোৱা ছাত্ৰ শিক্ষাৰ্থী ৭৭.৩%, ছাত্ৰীৰ ৭৭.৪% আৰু তৃতীয় লিংগৰ ৮০% উত্তীৰ্ণ হৈছে। এইবাৰ পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৭৫.৭ শতাংশ। ডিষ্টিংছন নম্বৰ লাভ কৰিছে ৬,৩৯২ গৰাকীয়ে, ষ্টাৰ মাৰ্ক লাভ কৰিছে ২০,৫৫২ গৰাকীয়ে আৰু প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ১,০৫,৮৭৩ গৰাকী। ইয়াৰ লগতে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ১,৫০,৭৬৪ গৰাকী, তৃতীয় বিভাগত উত্তীৰ্ণ ৬০,৬৮০ গৰাকী, লেটাৰ মাৰ্ক লাভ কৰিছে ১,৯৩,১৫৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে। উল্লেখযোগ্য যে এইবছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুতীৰ্ণৰ সংখ্যা ১,০১,৭৬১ গৰাকী। ইয়াৰে ৬৮৮৮গৰাকী ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অনুপস্থিত আছিল।
শীৰ্ষৰ পাঁচটা স্থান লাভ কৰা শিক্ষাৰ্থী সকল হৈছে -
১) অনুৰাগ দলৈ, প্ৰজ্ঞা একাডেমী চিনিয়ৰ চেকেণ্ডাৰী স্কুল, যোৰহাট (৫৯৩ নম্বৰ)
২) ঝৰ্ণা শইকীয়া, শংকৰদেৱ শিশু নিকেতন, বিশ্বনাথ চাৰিআলি (৫৯০ নম্বৰ)
৩) মানস প্ৰতীম শইকীয়া, আইলেণ্ড একাডেমী, কমলাবাৰী, মাজুলী (৫৮৮নম্বৰ)
৪) বেদান্ত চৌধুৰী, ষ্টেলা মেৰিছ স্কুল, সৰুপেটা, বৰপেটা (৫৮৮ নম্বৰ)
৫) দেৱশ্ৰী কাশ্যপ, ৰামনুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাঁও (৫৮৮ নম্বৰ)

0 Comments:
Post a Comment