লখিমপুৰত দুৰ্ঘটনাত নিহত নিৰ্বাচনী বিষয়া অধ্যাপক ৰাজীৱ লেখাৰু
লখিমপুৰ,২০ এপ্ৰিলঃ লখিমপুৰ জিলাৰ ১৫ নং ৰাষ্ট্রীয় ঘাইপথৰ নাওবৈছা মাজগাঁৱত আজি পুৱতি নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। আলট্ৰা আৰু হোণ্ডা চিটিৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত নিৰ্বাচনী বিষয়া, বিহপুৰীয়া মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ৰাজীৱ লেখাৰু নিহত হয়। উল্লেখ যে লখিমপুৰ জিলা সদৰৰ পৰা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত নিৰ্বাচনী বিষয়া হিচাপে দায়িত্ব পালন কৰি আজি পুৱতিনিশা ৫ বজাত ঘৰলৈ ওভতাৰ সময়তে বিষয়া গৰাকী দুৰ্ঘটনাত পতিত হয় । বিষয়া গৰাকী জিলাখনৰ লালুকৰ দিশৰ পৰা অহা আলট্ৰা বাচখনৰ লগত মুখামুখী সংঘৰ্ষ হয় হোণ্ডা চিটি খনৰ। ফলত থিতাতে নিহত হয় নিৰ্বাচনী বিষয়া ৰাজীব লেখাৰুৰ। বিহপুৰীয়া মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ৰাজীব লেখাৰুৱে ভোটকেন্দ্ৰ সমূহৰ নিৰ্বাচনী সামগ্ৰী বিতৰণ আৰু গ্ৰহণৰ দায়িত্বত আছিল। উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত সেই দায়িত্ব পালন কৰি আজি পুৱা ঘৰলৈ উভতি যাওঁতেই এই ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত পতিত হোৱা হোণ্ডা চিটি গাড়ীখনৰ নম্বৰ হৈছে AS-07-J-3766 আৰু আলট্ৰা বাছখনৰ নম্বৰ হৈছে AS-25-FC-3870 । ইপিনে এই খবৰ পোৱাৰ পিছতে ৰাজীব লেখাৰু স্বগৃহ বদতি জামুগুৰিত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ৷ মৃত্যুৰ সময়ত ৰাজীব লেখাৰুয়ে পত্নী আৰু এগৰাকী কনমানিক ইহসংসাৰত এৰি গৈছে।

0 Comments:
Post a Comment