ভূমি পট্টা লাভ নকৰা হেচামৰা কোম্পানীচুকৰ ৰাইজৰ সমূহীয়া ভোট বৰ্জন


লখিমপুৰ,১৯ এপ্ৰিলঃ  লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ দিনাই আজি লখিমপুৰ জিলাৰ বগীনদী উন্নয়নখণ্ডৰ অন্তৰ্গত ভীমপৰা গাওঁ পঞ্চায়তৰ হেচামৰা কোম্পানীচুকৰ ৰাইজে সমূহীয়াকৈ ভোট বৰ্জন কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। যিসময়ত বিজেপি চৰকাৰে খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সু-নিশ্চিত কৰা হ'ব বুলি কথাৰ ফুলজাৰি মাৰি আহিছে তথা উন্নয়নৰ ঢাক-ঢোল বজাই আহিছে তেনে সময়তে আজি ভোট গ্ৰহণৰ দিনাই হেচামৰা কোম্পানীচুকৰ শতাধিক ৰাইজে ভোট বৰ্জন কৰাৰ লগতে ৰাইজ একত্ৰিত হৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। হেচামৰা কোম্পানীচুকৰ ৰাইজে ভূমিৰ পট্টা লাভ নকৰিলে তথা গাওঁ খনৰ ৰাইজে বসবাস কৰি থকা ভূমি ৰহস্যজনকভাৱে চৰকাৰী ভূমি হিচাপেই স্বীকৃত হৈ ৰ'ল। ৰাইজে ভূমিৰ অধিকাৰ প্ৰদান কৰিবলৈ জনপ্ৰতিনিধিক বাৰম্বাৰ দাবী জনোৱাৰ পিছতো কোনো গুৰুত্ব প্ৰদান নকৰিলে। ৰাইজ বৰ্তমান মাটি ভেটি হেৰুওৱাৰ ভয়ত ত্ৰস্তমান হৈ পৰিছে। শতাধিক ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি ভূমিৰ অধিকাৰ প্ৰদান কৰক, বিজেপি চৰকাৰ হায় হায়, ন' ৰিক্স ন' ভোট, খিলঞ্জীয়াক ঠগা সহ্য কৰা নহ'ব আদি শ্ল'গানেৰে উত্তাল প্ৰতিবাদ কৰে। আনহাতে গাওঁ খনৰ যাতায়তৰ ব্যৱস্থাও অতি অনুন্নত। ৰাইজে ভোট বৰ্জন কৰি প্ৰতিবাদ সাব্যস্ত কৰিয়েই নহয় অতিশীঘ্ৰে যদি ভূমিৰ অধিকাৰ ৰাইজক প্ৰদান নকৰে তেন্তে ইয়াতকৈও কঠোৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি যাব বুলি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰক সকীয়াই দিছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment